NORTHEAST NOW (Assamese)
অসম

মিলিত শিল্পী সমাজৰ কোভিড-১৯ সন্দৰ্ভত সজাগতা সভা; সাংবাদিক চফাই কৰ্মীক মাস্ক চেনিটাইজাৰ হেণ্ডগ্লভচ বিতৰণ

Posted by: পাৰ্শ্চজ্যোতি গগৈ Updated by: পাৰ্শ্চজ্যোতি গগৈ May 21, 2020 9:39 pm

শিৱসাগৰত মিলিত শিল্পী সমাজৰ উদ্যোগত আজি কোভিড-১৯ ৰ সন্দৰ্ভত এখনি সজাগতা সভা আয়োজন কৰা হয়।

আজি শিৱসাগৰৰ পিকলো হোটেলত আয়োজন কৰা উক্ত সজাগতা সভাত উপস্থিত থাকে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈ, জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা, অতিৰিক্ত উপায়ুক্ত নৱাব আল আজহাৰ আলি, মিলিত শিল্পী সমাজৰ সভাপতি মুন বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি।

সভাত শিৱসাগৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কোভিড-১৯ মহামাৰী বিৰুদ্ধে যুঁজ দিয়া সাংবাদিক, পৌৰসভাৰ চফাই কৰ্মীৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানক মাস্ক, চেনিটাইজাৰ আৰু হেণ্ডগ্লভজ বিতৰণ কৰা হয়।

তদুপৰি, অনুষ্ঠানত জিলা উপায়ুক্তই শিৱসাগৰবাসীক ল’কডাউনৰ নীতি নিয়ম মানি চলাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায়।

শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ল’কডাউনলৈ পূৰ্ণ সমৰ্থন জনোৱাৰ বাবে শিৱসাগৰবাসীক ধন্যবাদ জনায়।

যুৱ সমাজকৰ্মী সমীৰ গগৈয়ে আঁতধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে সভাত উপস্থিত সকলোৱে প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ ২৮ তম মৃত্যু বাৰ্ষিকী উপলক্ষে ১ মিনিট মৌন প্ৰাৰ্থনা কৰে।