NORTHEAST NOW (Assamese)
অৰুণাচল

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত পৰৱৰ্তী কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 24, 2020 10:40 am
Story-3-1140x570

অসম, অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত অহা কেইদিন ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ভাৰতীয় বতৰবিজ্ঞান বিভাগে শনিবাৰে জাৰি কৰা তথ্য অনুসৰি,’’অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু উপ-হিমালয় অঞ্চলৰ পশ্চিমবংগ তথা ছিকিমৰ বিভিন্ন প্ৰান্তত প্ৰবলৰ পৰা অতি প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।‘’

বতৰবিজ্ঞান বিভাগে লগতে দক্ষিণ-পশ্চিম আৰৱ সাগৰৰ ওপৰেৰে প্ৰতিঘন্টাত ৪০-৫০ কি:মি: বেগত প্ৰবল স্থলবতাহ বলাৰ আগজাননী দিছে।

উক্ত অঞ্চলসমূহত মাছমৰীয়াসকলক ওলাই নাযাবলৈ কোৱা হৈছে।

বতৰবিজ্ঞান বিভাগে লগতে পশ্চিম ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত  পৰৱৰ্তী পাঁচদিনৰ বাবে গ্ৰীষ্ম প্ৰবাহৰ সম্ভাৱনাৰ বিষয়েও আগজাননী দিছে।