NORTHEAST NOW (Assamese)
Popular Stories

১২০০ কিলোমিটাৰ পিতৃক চাইকেলত উঠাই চৰ্চিত হোৱা জ্যোতিৰ পঢ়াৰ খৰছ বহন কৰিব এল জে পিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2020 7:30 pm

ল’কডাউনৰ সময়ত আঘাতপ্ৰাপ্ত পিতৃক চাইকেলত উঠাই দিল্লীৰ পৰা বিহাৰৰ গৃহলৈ ১২০০ চাইকেল চলাই উপস্থিত হোৱা জ্যোতি কুমাৰীলৈ এইবাৰ সহায়ৰ হাত আগবঢ়াইছে বিহাৰৰ লোক জনশক্তি পাৰ্টি (এল জে পি)য়ে।

লোক জনশক্তি পাৰ্টিয়ে জ্যোতি কুমাৰীৰ পঢ়াৰ সমষ্ট খৰছ বহন কৰাৰ কথা ঘোষণা কৰে।

এল জে পিৰ সভাপতি চিৰাগ পাছোৱানে জ্যোতি আৰু তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে ইতিমধ্যে কথা পাতি জ্যোতিৰ পঢ়াৰ দায়িত্ব বহন কৰাৰ কথা ঘোষণা কৰে।

‘‘তাই যি বিষয়ত পঢ়িব বিচাৰে মই তাইৰ পঢ়াৰ সমষ্ট দায়িত্ব বহন কৰিম,’’ চিৰাগ পাছোৱানে কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পেও টুইটাৰযোগে জ্যোতি কুমাৰীক প্ৰশংসা কৰিছিল।

‘‘ধৈৰ্য্য আৰু ভালপোৱাৰ এই সুন্দৰ কীৰ্তিয়ে ভাৰতীয় জনগণ আৰু চাইক্লিং ফেডাৰেশ্যনৰ কল্পনাক আকৃষ্ট কৰিছে,’’ ট্ৰাম্পৰ কন্যা ইভংকাই এইদৰে টুইট কৰিছিল।