NORTHEAST NOW (Assamese)
Popular Stories

বিজেপি নেতৃত্বাধীন এখন ৰাজ্যই পুনৰ ৩০ জুনলৈ বৃদ্ধি কৰিলে লকডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2020 7:03 pm

দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে হিমাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনত অহা পাঁচ সপ্তাহলৈ বৃদ্ধি কৰিছে লকডাউন।

জয় ৰাম ঠাকুৰ নেতৃত্বাধীন বিজেপি চৰকাৰে এক নিৰ্দেশৰ জৰিয়তে ৰাজ্যখনৰ ১২ খন জিলাত অহা ৩০ জুনলৈ লকডাউন চলি থাকিব বুলি ঘোষণা কৰে।

ইয়াৰ পূৰ্বে হমীৰপুৰ আৰু চোলেন জিলাৰ প্ৰশাসনে নিজৰ নিজৰ জিলা দুখনত ৩০ জুনলৈ ক’ভিড-১৯ কাৰ্ফিউ বৃদ্ধি কৰিছিল।

ৰাজ্যখনৰ এই দুখন জিলাতে সৰ্বাধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল। হমীৰপুৰত ৬৩ আৰু চোলেন জিলাত ২১ গৰাকী লোক আক্ৰান্ত হৈছিল।

জানিব পৰা মতে হিমাচলত এই পৰ্যন্ত ক’ৰ’নাত আক্ৰান্ত ১৪২ গৰাকী লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে ৫৭ গৰাকী লোক হমীৰপুৰৰ।

স্বাস্থ্য বিভাগে জনোৱা অনুসৰি ৰাজ্যখনত এই পৰ্যন্ত ২০৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৪ গৰাকী লোকৰ মৃত্যু হৈছে।

উল্লেখ্য যে ক’ৰ’না প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩১ মে’লৈকে লকডাউন বৃদ্ধি কৰিছিল।