NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল’ৰা হোষ্টেলসমূহক কৰা হ’ব কোৱাৰেন্টাইন চেন্টাৰ : আৱাসীক আৱাস খালী কৰাৰ নিৰ্দেশ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 25, 2020 8:35 pm
File-photo-of-the-entrance-gate-of-Gauhati-University.-Image-credit-India-Today-1140x570

কোৱাৰেন্টাইন চেন্টাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসসমূহ অধিগ্ৰহন কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ৷

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কৰিবলৈ পুনৰ ৰাজ্যত নতুন কোৱাৰেন্টাইন চেন্টাৰৰ প্ৰয়োজন হৈছে।

ৰাজ্যৰ দুৰ্যোগব্যৱস্থাপনা কতৃপক্ষই ইতিমধ্যে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসসমূহক কোৱাৰেন্টাইন চেন্টাৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইতিমধ্যে আজি (২৫ মে’) গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই সংক্ৰান্তত জাননী জাৰি কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰা এক জাননীত কোৱা হৈছে যে কামৰূপ (ম) জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (১) অসম কোভিড১৯ ৰেগুলেশ্যনছ, ২০২০ আৰু (২) অধীনৰ শাখা ৬৫(১) এ আৰু ৬৬ দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ অধীনত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেনকাটা ৰাও গৱেষক ছাত্ৰ (আৰ চি চি-৫) আৰু বাবু জগজীৱন ৰাম আৱাসক বাদ দি বিশ্ববিদ্যালয়খনৰ বাকী আটাইবোৰ ছাত্ৰাৱাসকে কোৱাৰেন্টাইন চেন্টাৰ কৰা হ’ব।

২৫ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰাৰ জাননীখনত অহা ২৭ মে’ ২০২০ৰ ভিতৰত আটাইবোৰ হোষ্টেলৰ আৱাসীকে খালী কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

যিসকল আৱাসীয়ে তেওঁলোকৰ সা-সামগ্ৰীসমূহ হোষ্টেলৰ পৰা সংগ্ৰহ কৰিবলৈ সমৰ্থ হোৱা নাই তেওঁলোকে হোষ্টেলৰ ৱাৰ্ডেনৰ লগত যোগাযোগ কৰি সামগ্ৰীসমূহৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে জাননীখনত।

আনহাতে যিসকল আৱাসীয়ে নিজে এই ব্যৱস্থা কৰিব অক্ষম হ’ব তেওঁলোকৰ সা-সামগ্ৰীসমূহ ৱাৰ্ডেনসকলক নি নিজৰ তত্বাৱধানত ৰাখিবলৈ জাননীখনৰ যোগেদি অনুৰোধ কৰিছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।