NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত সমস্যাৰ সন্মুখীন হোৱা চীনা লোকক নিজ দেশলৈ উভতাই নিব চীন চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 26, 2020 7:43 am
china-4

কোভিড১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিত ভাৰতত সমস্যাৰ সন্মুখীন হোৱা চীনা নাগৰিকসকলক চীন চৰকাৰে নিজৰ দেশলৈ উভতাই নিব।

সোমবাৰে ভাৰতস্থিত চীনা দূতাবাসে নিজৰ ৱেবচাইটত এক জাননী জাৰি এই কথা সদৰী কৰিছে।

জাননীত কোৱা হৈছে যে ভাৰতত থকা অথবা আৱদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা চীনা নাগৰিক তথা শিক্ষাৰ্থী, পৰ্যটক আৰু ব্যৱসায়ীসকলক নিজ দেশলৈ বিশেষ বিমানেৰে উভতাই নিব।

ইতিমধ্যে প্ৰায় ১.৪০ লাখ লোক কোভিড১৯ত আক্ৰান্ত হৈ বিশ্বৰ ভিতৰতে ভাৰত শীৰ্ষ দহত অৱস্থান কৰিছে।

উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহত চীনৰ য়ুহানত উৎপত্তি হোৱা ক’ৰ’না ভাইৰাছে সম্প্ৰতি বিশ্বৰ ১৯০ খন দেশলৈকে সম্প্ৰসাৰিত হোৱাৰ লগতে প্ৰায় ৫৪ লাখ এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ লগতে ৩.৪ লাখৰো অধিক আক্ৰান্তৰ ইতিমধ্যে মৃত্যু হৈছে।

ইয়াৰ পিছতে ফ্ৰেব্ৰুৱাৰি মাহত ভাৰতে য়ুহানৰ পৰা প্ৰায় ৭০০ গৰাকী ভাৰতীয় লোকক দেশলৈ উভতাই আনিছিল।

চীনা দুতাবাসৰ জাননীত কোৱা হৈছে ভাৰতৰ পৰা চীনলৈ উভতাই নিয়া সকলো লোককে চীনত প্ৰৱেশ কৰাৰ লগে লগে কোৱাৰেন্টাইন কৰাৰ বাবে চীন চৰকাৰে ব্যৱস্থা কৰিছে।

‘বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আৰু সহগোত্ৰী বিভাগেসমূহে যৌথভাৱে ভাৰতত সমস্যাৰ সন্মুখীন হোৱা শিক্ষাৰ্থী, পৰ্যটক আৰু অস্থায়ী ব্যৱসায়ীসকলক এক বিশেষ বিমানেৰে ভাৰত চৰকাৰৰ সহযোগত চীনলৈ উভতাই নিব খুজিছো।’ জাননীখনত এইদৰে কোৱা হৈছে।

অন্য কিছুমান দেশেও তেওঁলোকক নাগৰিকসকল ভাৰতৰ পৰা উভতাই নিব পাৰে।

ইফালে চীনলৈ উভতাই নিবলগীয়া লোকসকলৰ বিমান ভাড়া আৰু কোৱাৰেন্টাইনৰ ব্যয় চীন চৰকাৰে ব্যয় কৰিব বুলি জাননীত কোৱা হৈছে।

‘যদি যাত্ৰা কৰাৰ পূৰ্বে কোনো যাত্ৰী শৰীৰৰ উত্তাপ ৩৭.৩ ডিগ্ৰীতকৈ অধিক হয় আৰু ক’ৰ’না ভাইৰাছৰ সন্দেহজনক লক্ষণে দেখা দিয়ে তেনে যাত্ৰীয়ে উভতি যাব নোৱাৰিব।’ স্পষ্টভাৱে জাননীখনত কোৱা হৈছে।