NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ভোট গণনাৰ পিছৰ সম্ভাৱ্য হিংসাৰ বাবে সষ্টম কৰি ৰখা হৈছে সশস্ত্ৰ বাহিনী

Posted by: এন ই নাও নিউজ February 23, 2018 12:43 pm
tripura-state-rifles-570x320

অহা ৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ পিছত হ’ব পৰা হিংসাৰ মোকাৱিলা কৰিবলৈ ত্ৰিপুৰাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) নিয়োগৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ৰাজ্যিক আৰক্ষীকো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰু ফলাফল ঘোষণাৰ পিছতেই সৃষ্টি হ’ব পৰা হিংসাত্মক পৰিস্থিতৰ মোকাৱিলা কৰাৰ ক্ষেত্ৰত চিএপিএফক সহযোগ কৰিবলৈ সম্পূৰ্ণ সতৰ্ক কৰি ৰখা হৈছে।

চিআৰপিএফ, বিএছএফ আৰু চিআইএছএফকে ধৰি কেন্দ্ৰীয় বাহিনীসমূহৰ জোৱানসকলে ৩ মাৰ্চত ৰাজ্যখনৰ ২০ টা কেন্দ্ৰত চলিবলগীয়া সমগ্ৰ ভোটগণনাৰ সময়ছোৱাত তীক্ষ্ন দৃষ্টি ৰাখিব।

আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক কে ভি শ্ৰীজেশে জনায় যে ৰাজ্যখনত ভোট গণনাৰ ফলাফল ঘোষণা কৰাৰ পিছত চিআৰপিএফৰ ৬০ টা কোম্পানী ‘অঞ্চলসমূহত নজৰ ৰখাৰ উদ্দেশ্যে’ নিয়োগ কৰা হ’ব।

ইয়াৰ উপৰি ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ ১২ টা বেটেলিয়নক ভোট গণনাৰ পিছত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে কেন্দ্ৰীয় বাহিনীসমূহক সহায় কৰাৰ বাবে সাজু কৰি ৰখা হৈছে।

ইয়াৰ মাজতে যোৱা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনত ৪৫ নং তেলিয়ামূৰা বিধানসভা সমষ্টিৰ এটা ইভিএম মেচিন অভিযোগ অনুসৰি ষ্ট্ৰং ৰুমৰ বাহিৰত পৰি থকা বুলি ওলোৱা বাতৰিয়ে তেলিয়ামূৰা মহকুমাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তেলিয়ামূৰাৰ সূত্ৰসমূহে জনোৱা মতে  বুধবাৰে সন্ধিয়া তেলিয়ামূৰা মহকুমাৰ দণ্ডাধীশ জয়ন্ত দেই সমষ্টিটোৰ সকলোকেইজন প্ৰাৰ্থীকে মতাই আনি ষ্ট্ৰংৰুমৰ বাহিৰত পোৱা ইভিএমটো বৈধ বুলি স্বাক্ষৰ কৰাব বিচাৰিছিল।

বিষয়টোক লৈ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে চিপিআই(এম)ৰ প্ৰাৰ্থী গৌৰী দাসে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ইয়াক ‘ৰহস্যজনক’ বুলি অভিহিত কৰিছে আৰু দাবী উত্থাপন কৰিছে যে বাহিৰত পোৱা ইভিএমটো এটা সুকীয়া কোঠাত ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু বাকী ইভিএমসমূহৰ ভোট গণনা হোৱাৰ পিছতহে ইয়াৰ ভোটসমূহ গণনা কৰিব লাগে।