NORTHEAST NOW (Assamese)
Popular Stories

কোভিড-১৯ আৰু শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে ৰাজ্যপালক কি কি ক’লে মুখ্যমন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2020 6:14 pm
IMG-20200527-WA0032

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক ৰাজভৱনত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে।

সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সাম্প্ৰতিক ক’ভিড-১৯ৰ পৰিস্থিতি তথা ৰাজ্য চৰকাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহ ৰাজ্যপালক অৱগত কৰে।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক অৱগত কৰে যে যদিও সম্প্ৰতি ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে, ৰাজ্য চৰকাৰে যথাযথ কোৱাৰেণ্টাইন আৰু আইচ’লেটেড ৱাৰ্ডৰ সা-সুবিধা বৃদ্ধিৰে এই পৰিস্থিতিৰ সৈতে ভালদৰে মোকাবিলা কৰি আছে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ দিশত প্ৰয়োজনীয় সা-সঁজুলি ৰাজ্যখনত পৰ্যাপ্ত পৰিমাণে মজুত আছে।

আলোচনাকালত মুখ্যমন্ত্ৰীয়ে কোভিড-১৯ সৃষ্ট ল’কডাউনৰ ফলত ৰাজ্যখনৰ দুৰ্বল অৰ্থনীতি শক্তিশালী কৰাৰ বাবে লোৱা অৰ্থনৈতিক কাম-কাজসমূহৰ বিষয়েও ৰাজ্যপালক অৱগত কৰে।

সম্প্ৰতি নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ ৭ খনকৈ জিলা বানপানীত আক্ৰান্ত হোৱা বিষয়টোও মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক অৱগত কৰে।

ৰাজ্যখনৰ জিলাসমূহৰ উপায়ুক্তসকলক বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ অভিযান তথা প্ৰয়োজনীয় সাহায্য প্ৰদানৰ দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক অৱগত কৰে।