NORTHEAST NOW (Assamese)
অসম

মেঘালয় আৰু নাগালেণ্ড নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সীমান্তৱৰ্তী জিলাকেইখনত ড্ৰাই ডে’ ঘোষণা

Posted by: এন ই নাও নিউজ February 23, 2018 5:55 pm
ড্ৰাই ডে'

মেঘালয় আৰু নাগালেণ্ডত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে অসমৰ সীমান্তৱৰ্তী জিলা কেইখনত নিৰ্বাচনৰ পূৰ্বে ৪৮ ঘণ্টীয়া  ড্ৰাই ডে’ ঘোষণা কৰিছে।

প্ৰাপ্ত তথ্য মতে অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল বিলাকত ঘোষণা কৰা এই ৪৮ ঘণ্টীয়া ড্ৰাই ডে’ ২৫ ফেব্ৰুৱাৰিৰ বিয়লি ৪ বজাৰ পৰা অৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰিৰ নিৰ্বাচন সমাপ্ত হোৱালৈকে অব্যাহত থাকিব। ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ’, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমাহাচাও আৰু কাছাৰ আদি জিলাসমূহত মেঘালয়ত ২৭ ফেব্ৰুৱাৰিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনলৈকে ড্ৰাই ডে’ অব্যাহত থাকিব।

আনহাতে ৩ মাৰ্চত হ’ব লগীয়া ভোট গণনাৰ সময়ত পুনৰ উক্ত জিলা সমূহত ড্ৰাই ডে’ ঘোষণা কৰা হ’ব।

সমান্তৰাল ভাৱে নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন উপলক্ষে ২৭ ফেব্ৰুৱাৰিৰ দিনটোতে অসমৰ সীমান্তৱৰ্তী জিলা যেনে গোলাঘাট, শিৱসাগৰ, চাৰইদেউ, যোৰহাট, ডিমাহাচাও আৰু কাৰ্বি আংলঙত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

নাগালেণ্ডৰ নিৰ্বাচনৰ বাবেও ঘোষণা কৰা ড্ৰাই ডে’ৰ সময় মেঘালয় নিৰ্বাচনৰ বাবে ঘোষণা কৰা ড্ৰাই ডে’ৰ সময়সূচীৰ সৈতে একে থাকিব।