NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ সৈতে সীমা বিবাদক লৈ ক্ষুব্ধ চীনে বন্ধ কৰিলে গাহৰিৰ আমদানি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2020 10:29 am
piggery-1-1024x579

সীমান্তত প্ৰতিৰক্ষা সা-সুবিধাৰ অবৈধ নিৰ্মাণক লৈ অলপতে ভাৰতে অভিযোগ কৰাৰ প্ৰতিক্ৰিয়া হিচাপে চীনে ভাৰতৰ পৰা গাহৰি, বন গাহৰি তথা আনুষংগিক সামগ্ৰী আমদানি নিষিদ্ধ কৰিবলৈ সাজু হৈছে।

অৱশ্যে, নিজৰ উদ্দেশ্য লুকাই ৰাখি চীনৰ কৰ্তৃপক্ষই দাবী কৰে যে গাহৰিৰ আমদানি নিষিদ্ধকৰণ আফ্ৰিকান ছোৱাইন ফ্লু প্ৰতিৰোধৰ তথা চীনৰ পশুপালনক সুৰক্ষাৰ এক প্ৰচেষ্টাহে।

চলিত মাহৰ আৰম্ভণিতে অসমত পোহনীয়া গাহৰি আৰু বন গাহৰিৰ দুয়োটাৰে প্ৰথমটো আফ্ৰিকান ছোৱাইন ফ্লুৰ ঘটনা পোহৰলৈ আহিছিল।

গাহৰিৰ মাংস চীনৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণৰ প্ৰধান খাদ্য।

চীনে প্ৰথম পৰ্যায়ত আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণত সফল হৈছে।

চলিত বছৰৰ আৰম্ভণিৰ পৰাই চীনত সংক্ৰমণ, গাহৰিৰ চিকিৎসা তথা গাহৰিৰ মৃত্যুৰ হাৰো হ্ৰাস পাইছে বুলি চীনৰ কৃষি তথা গ্ৰাম্যন্নোয়ন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে।

অৱশ্যে, আফ্ৰিকান ছোৱাইন ফ্লুৰ সমান্তৰালকৈ ভাৰত-চীনৰ মাজত চলি থকা দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতিয়েই এনেদৰে গাহৰিৰ আমদানি নিষিদ্ধকৰণৰ প্ৰধান কাৰণ বুলি বহুতেই ক’ব খোজে।