NORTHEAST NOW (Assamese)
অসম

লক্ষ্য চীন! ভাৰতীয় বায়ুসেনাই অসমলৈ আনিছে Chinook হেলিকপ্টাৰ

Posted by: চাজিদ খান Updated by: চাজিদ খান May 29, 2020 11:48 am
WhatsApp Image 2020-05-29 at 11.28.56 AM

ভাৰতীয় বায়ুসেনা (আই এ এফ)ই নতুনকৈ অন্তৰ্ভুক্ত কৰা বোয়িং Chinook হেলিকপ্টাৰ অসমৰ মোহনবাৰী বিমানঘাটিলৈ অনা হৈছে।

সূত্ৰসমূহে কয় যে এই পদক্ষেপ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো ই ভাৰতীয় বায়ুসেনা বাহিনীক চীনৰ সীমান্তলৈ সেনা তথা যন্ত্ৰপাতি ক্ষিপ্ৰভাৱে কঢ়িওৱাত সহায় কৰিব।

এই হেলিকপ্টাৰ লগতে ছিকিম আৰু অৰুণাচলৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো নিয়োগ কৰিব বুলি আশা কৰা হৈছে।

অলপতে, ছিকিম সীমান্তত ভাৰত আৰু চীনৰ সোনা জোৱানৰ মাজত সংঘটিত হোৱা সংঘাতৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উক্ত অঞ্চলত দুয়ো পক্ষৰ সেনাৰ মাজত আক্ৰমণাত্মক স্থিতি উদ্ভৱ হোৱাৰ লগতে শিলাবৰ্ষণ তথা হতাহতিৰো সৃষ্টি হৈছিল।

এই Chinookহেলিকপ্টাৰে সীমান্তলৈ সেনাৰ দল প্ৰেৰণ কৰাৰ লগতে ক্ষিপ্ৰতাৰে অতিৰিক্ত বাহিনী মোতায়েন কৰা কামত সহায় কৰিব।

এই Chinookহেলিকপ্টাৰ লগতে কামানৰ দৰে অস্ত্ৰ সম্ভাৰ কঢ়িওৱাবলৈও সক্ষম।

এই হেলিকপ্টাৰ বৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্যনে ভিতৰুৱা তথা কৌশলগত স্থানত পথ নিৰ্মাণৰ বাবে বিমানপৰিবাহী সামগ্ৰী কঢ়িয়াব বুলি আশা কৰা হৈছে।