NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংক : ভাৰতত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2020 1:35 pm

ভাৰতত চতুৰ্থ পৰ্যায়ৰ লকডাউন অন্ত পৰিবলৈ ৪৮ ঘণ্টা বাকী থকা অৱস্থাত সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৭,৪৬৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ সংক্ৰমণ ঘটা এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ১,৬৫,৭৯৯ গৰাকী।

সংখ্যাৰ দিশৰ পৰা বৃহস্পতিবাৰে দেশত সৰ্বাধিক ১৭৫ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু হৈছে। এতিয়ালৈকে দেশত সৰ্বমুঠ ৪,৭০৬ গৰাকী লোকৰ মৃত্যু হৈছে ক’ৰ’নাৰ বাবে।

উল্লেখ্য যে দেশত এতিয়া ৮৯,৯৮৭ গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৭১,১০৫ গৰাকী লোক ক’ৰ’না মুক্ত হৈছে।

দেশৰ ভিতৰতে সৰ্বাধিক লোকৰ মৃত্যু ঘটিছে মহাৰাষ্ট্ৰত। ৰাজ্যখনত এতিয়ালৈকে ১৯৮২ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে গুজৰাটত মৃত্যু হৈছে ৯৬০ গৰাকী, মধ্য প্ৰদেশত ৩২১ গৰাকী, দিল্লীত ৩১৬ গৰাকী, পশ্চিমবংগত ২৯৫, ৰাজস্থানত ১৮০ আৰু উত্তৰ প্ৰদেশত ১৯৭ গৰাকী লোকৰ।