NORTHEAST NOW (Assamese)
Popular Stories

বিস্ফোৰণৰ ৪৮ ঘণ্টাৰ পিছতো অব্যাহত আছে বাঘজান তেলখাদৰ তেল-গেছ নিৰ্গমণ, শিহুকে ধৰি বিভিন্ন প্ৰাণীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2020 4:51 pm

যোৱা ২৭ মে’ত বিস্ফোৰণ সংঘটিত হোৱা ডিব্ৰু–ছৈখোৱাৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ ৫নং বাঘজান তেলখাদৰ পৰা এতিয়াও অহৰহভাৱে খাৰুৱা তেল আৰু গেছ নিগৰ্ত হৈ আছে।

খাৰুৱা তেল আৰু গেছ অঞ্চলটোৰ লগতে ইয়াৰ দাঁতি-কাষৰীয়া ঠাইলৈ বিয়পী পৰাৰ ফলত গছ-গছনিৰ উপৰি বহু জীৱ-জন্তুৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

আজি পুৱা তেলখাদটোৰ সমীপতে থকা বিখ্যাত মাগুৰি মতাপুং বিলত বহু মাছৰ লগতে এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ শিহু মৃত অৱস্থাত উদ্ধাৰ হয়।

উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ বাঘজানত থকা উক্ত তেলখাদটো ডিব্ৰু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ পৰা মাত্ৰ ১.১০৮ কিঃ মিঃ দূৰত্বত অৱস্থিত। ফলত এই ঘটনাই উদ্যানৰ জীৱকূলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।

ইপিনে তেল নিৰ্গত হৈ থকা অঞ্চলটোৰ পৰা এই পৰ্যন্ত ৫০০তকৈ অধিক পৰিয়ালক অন্য স্থানলৈ আঁতৰাই নিয়া হৈছে এক স্থানীয় সূত্ৰত প্ৰকাশ।

২৭ মে’ৰ দিনৰ প্ৰায় ১০.৩০ বজাত উক্ত বিস্ফোৰণটো সংঘটিত হৈছিল। এক সূত্ৰৰ মতে, ঘটনা সংঘটিত হোৱা খাদটো অইলৰ এটা উচ্চ চাপৰ গেছৰ খাদ। ধাৰণা কৰা হৈছে ঠিকাদাৰে অপাৰেশ্যন আৰু অ’পাৰেটিঙৰ অৱহেলাৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হ’বলৈ পালে।

লগতে পঢ়ক ডিব্ৰু-ছৈকোৱাৰ সমীপৰ বাঘজানত অইলৰ তৈল ক্ষেত্ৰৰ এক খাদত সংঘটিত হৈছে বিস্ফোৰণ

উক্ত বিস্ফোৰণৰ পিছতে প্ৰতিষ্ঠানটোৱে এক বিজ্ঞপ্তি যোগে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে খাদটোৰ কাম বন্ধ কৰি দিয়াৰ লগতে নিয়ন্ত্ৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি জনাইছিল যদিও ৪৮ ঘণ্টাৰ পিছতো পৰিস্থিতিৰ কোনোধৰণৰ উন্নতি ঘটা নাই।