NORTHEAST NOW (Assamese)
Popular Stories

সংঘৰ্ষত আঘাতপ্ৰাপ্ত নক্সাল বিদ্ৰোহীৰ জীৱন ৰক্ষাৰ বাবে ৰক্তদান চি আৰ পি এফৰ জোৱানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2020 9:09 am

ঝাৰখণ্ডত চি আৰ পি এফৰ সৈতে হোৱা নক্সালবাদীৰ সংঘৰ্ষত আটক হোৱা আঘাতপ্ৰাপ্ত এজন নক্সাল বিদ্ৰোহীৰ জীৱন ৰক্ষা কৰাৰ বাবে নিজৰ শৰীৰৰ তেজ দান দিলে চি আৰ পি এফৰ দুগৰাকী জোৱানে।

চি আৰ পি এফৰ তৰফৰ পৰা জোৱান দুগৰাকীয়ে ৰক্তদান কৰি থকাৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰি নিৰাপত্তাৰক্ষী বাহিনীটোৰ দেশৰ বিদ্ৰোহী সকলক মূল সূতিলৈ ঘুৰাই অনাৰ বাবে থকা মানসিতাৰ পৰিচয় দাঙি ধৰে।

আঘাতপ্ৰাপ্ত নক্সালবাদী বিদ্ৰোহীক ৰক্তদান চি আৰ পি এফৰ জোৱান দুগৰাকী হৈছে ক্ৰমে ওম প্ৰকাশ যাদৱ আৰু সন্দীপ কুমাৰ।

ঝাৰখণ্ড আৰু চি আৰ পি এফৰ যুটীয়া অভিযানৰ সময়ত নক্সালবাদী বিদ্ৰোহীজন আঘাতপ্ৰাপ্ত হৈছিল।

আৰক্ষী আৰু চি আৰ পি এফৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত তিনিজন নক্সালবাদীৰ মৃত্যু হৈছিল।

বিগত মাহতো চত্তীশগড়ত আৰক্ষী আৰু চি আৰ পি এফৰ সৈতে হোৱা সংঘৰ্ষত পাঁচগৰাকী মাও বিদ্ৰোহীৰ মৃত্যু হৈছিল।

উক্ত অভিযানত এগৰাকী আৰক্ষী বিষয়া শ্বহীদ হৈছিল।