NORTHEAST NOW (Assamese)
অসম

পৰ্য্যায়ক্ৰমে আঁতৰিব লকডাউন, কেন্দ্ৰৰ নিৰ্দেশ জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2020 7:45 pm
Lockdown upsets Barpeta's firecracker industry

কেন্দ্ৰই শনিবাৰে জাৰি কৰা নিৰ্দেশমতে ৮ জুনৰ পৰা দেশত পৰ্য্যায়ক্ৰমে লকডাউন আঁতৰিব।

কিন্তু কণ্টেইনমেণ্ট জ’নসমূহত অহা ৩০ জুনলৈকে লকডাউন জাৰি থাকিব।

কণ্টেইনমেণ্ট জ’নৰ বাহিৰৰ অঞ্চলসমূহত পৰ্য্যায়ক্ৰমে সকলো কাম-কাজ মুকলি কৰা হ’ব।

তাৰোপৰি ৰাজ্যসমূহে মূল্যায়নৰ ভিত্তিত কাম-কাজসমূহৰ ওপৰত সীমাবদ্ধতা/ নিষিদ্ধতা আৰোপ কৰিব পাৰিব।

পূৰ্বে ৩১ মে’পৰ্য্যন্ত লকডাউন জাৰি কৰা হৈছিল।