NORTHEAST NOW (Assamese)
Popular Stories

মৰিয়নীত অভি-নীল হত্যাৰ পুনৰাবৃত্তি! মৰিয়াই মৰিয়াই হত্যা যুৱকক

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 31, 2020 1:33 pm

যোৰহাট জিলাৰ মৰিয়নীৰ গাভৰু পৰ্বতত ২৯ মে’ত এক লোমহৰ্ষক গণ প্ৰহাৰৰ ঘটনা সংঘটিত হয়। গণ প্ৰহাৰৰ সন্মুখীন হোৱা এজন যুৱকে কালি শনিবাৰে মৃত্যুক আঁকোৱালি লয়।

জানিব পৰা মতে এটা সৰু পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দেৱাশিস গগৈ আৰু আদিত্য দাস নামৰ দুজন যুৱকক গাভৰু বাগিচাৰ একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে।

ঘটনা অনুসৰি ২৯ মে’ৰ বিয়লি দেৱাশিস গগৈ আৰু আদিত্য দাসে স্কুটিৰে গাভৰু স্থিত আঠাইশ শিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি উভতি আহি থাকোতে গাভৰু চাহ বাগিচাৰ সমিপত এক পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোত যুৱক দুজন স্কুটিৰ পৰা উফৰি পৰাৰ লগতে স্কুটিখনে বাগিচাৰ দুগৰাকী মহিলাক আহত কৰে। ইয়াকে কেন্দ্ৰ কৰি যুৱক দুজনক গাভৰু বাগিচাৰ একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰে।

পৰবৰ্তী সময়ত দুয়োকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কোৱা হয় যদিও শনিবাৰে নকছাৰী মিলগাঁৱৰ যুৱক দেৱাশিস গগৈ (২৩)য়ে মৃত্যুক সাবটি লয়। আদিত্য দাস বৰ্তমানো চিকিৎসাধীন হৈ আছে।

মৰিয়নীৰ দেবেৰাপাৰা থানাত নিহত দেৱাশিসৰ  পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে যদিও বাতৰি যুগুত কৰা সময়লৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই৷

সদৌ অসম ছাত্ৰ সন্থা নকছাৰী আঞ্চলিক সমিতি আৰু সদৌ তাই আহোম ছাত্ৰ সন্থা নকছাৰী চেলেংহাট সমিতিয়ে ঘটনাৰ উচিত তদন্তৰ দাবীত দেবেৰাপাৰা আৰক্ষীক স্মাৰকপত্ৰ প্ৰদান কৰে।