NORTHEAST NOW (Assamese)
Popular Stories

দিল্লী চৰকাৰৰ সন্মুখত আন এক সংকট; সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ লিখিছে পত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2020 5:38 pm
delhi-government-to-scale-up-testing-for-coronavirus-arvind-kejriwal

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকা দিল্লী চৰকাৰৰ সন্মুখত দেখা দিছে আন এক সংকটে। আগন্তুক দিনত ৰাজ্যখনৰ কৰ্মচাৰীক দৰমহা দিয়াৰ ক্ষেত্ৰত হাতত টকা নাই দিল্লী চৰকাৰৰ।

চৰকাৰী কৰ্মচাৰীসকলে যাতে দৰমহাৰ পৰা বঞ্চিত নহয় তাৰ বাবে এতিয়া দিল্লী চৰকাৰে কেন্দ্ৰীয় চৰকাৰক এখন পত্ৰৰ জৰিয়তে ৫০০০ কোটি টকা প্ৰদানৰ দাবী জনাইছে।

এই কথা জানিবলৈ দি দিল্লী চৰকাৰৰ উপ মুখ্য মন্ত্ৰী তথা বিত্ত মন্ত্ৰী মনিষ ছিচোডিয়াই কয় যে কেৱল কৰ্মচাৰীসকলক দৰমহা আৰু কাৰ্যালয়ৰ অন্য খৰচৰ নামতেই মাহিলী ৩৫০০ কোটি টকাৰ প্ৰয়োজন হয়।

তেওঁ লগতে কয় যে ক’ৰ’নাৰ বাবে দিল্লীৰ ৰাজহত যথেষ্ট প্ৰভাৱ পৰিছে। যোৱা দুটা মাহত জি এছ টিৰ পৰা ৫০০-৫০০ কোটি টকা আহিছে। আন আন ক্ষেত্ৰৰ পৰা অহা টকাখিনি যদি যোগ কৰো তেন্তে সেই সংখ্যা মাত্ৰ ১৭৩৫ কোটি টকাহে হয়।

ইয়াৰ উফৰি তেওঁ কয় যে লকডাউনৰ বাবে দিল্লী চৰকাৰৰ কৰ সংগ্ৰহ প্ৰায় ৮৫ শতাংশৰো তলত, সেয়ে এতিয়া আমি কৰ্মচাৰীসকলক কেনেদৰে দৰমহা দিম।

আম আদমী পাৰ্টীৰ দিল্লী চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক ৫০০০ কোটি টকা বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰা বুলি ছিচোডিয়াই জানিবলৈ দিয়ে।

ইফালে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা টুইটৰ জৰিয়তে এই সংকটৰ সময়ত দিল্লীৰ লোকসকলক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিবেদন জনায়।