NORTHEAST NOW (Assamese)
Popular Stories

কেতিয়া ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল? জনালে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 31, 2020 6:15 pm
0 mjCJkY1aY9Gn8ubg

অহা ৬ জুনত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল।

শনিবাৰে পুৱা ৯ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল।

ঘোষণা কৰাৰ লগে লগেই তলত উল্লেখ কৰা ৱেবচাইটসমূহত লাভ কৰিব পৰীক্ষাৰ ফলাফলসমূহ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা হ’ব সেই কথা ঘোষণা কৰা নাই শিক্ষা মন্ত্ৰীগৰাকীয়ে।

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এইবাৰ প্ৰায় ৩.৫৮লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

ইপিনে, বৰ্তমানলৈকে ফলাফলসমূহ প্ৰকাশ পোৱা ৱেবচাইটসমূহ ঘোষণা কৰা নাই যদিও এক সুত্ৰই সম্ভাৱনাসূচক কিছু ৱেবচাইট প্ৰকাশ কৰিছে।

সেই সমূহ ক্ৰমে results.sebaonline.org, resultsassam.nic.in, examresults.net, exametc.com, indiaresults.com, assamonline.in, results.siksha, knowyourresult.com, assamresult.in.

উল্লেখযোগ্য যে, ল’কডাউনৰ বাবে এইবাৰ ফলাফল ঘোষণা কৰাত কিছু পলম হৈছে ছেবা কতৃপক্ষৰ।