NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যত ১৩৮৪ লৈ বৃদ্ধি ক’ৰ’না ৰোগীৰ সংখ্যা; একেলগে আক্ৰান্ত ২৩ গৰাকী লোক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 1, 2020 1:09 pm

ৰাজ্যত ১৩৮৪ লৈ বৃদ্ধি পাইছে ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ২৩ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’নাত। তাৰে ১১ গৰাকী বৰপেটা, ৫ গৰাকী ওদালগুৰি, ৩ গৰাকী ধুবুৰী, দৰঙৰ তিনিগৰাকী আৰু শোণিতপুৰ জিলাৰ এগৰাকী।

বৰ্তমান ১১৯২ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১৮৫ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী লোক মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূর্বে ২২ গৰাকী লোকৰ দেহত পোৱা গৈছিল মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ১৪ গৰাকী ডিব্ৰুগড়, ধেমাজিৰ ৪ গৰাকী, তিনিগৰাকী তিনিচুকীয়া আৰু এগৰাকী চৰাইদেউৰ।

কালিৰ পৰা আজিলৈকে ১৬৮ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰ’নাত।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

ৰাজ্যত এসপ্তাহৰ ভিতৰত সাত শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৩১৩ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।