NORTHEAST NOW (Assamese)
অসম

আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে প্ৰধান মন্ত্ৰীয়ে ব্যক্ত কৰিলে আত্মবিশ্বাস; দিলে নতুন মন্ত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 12:11 pm
Organic farming can become a huge movement in the North-East: PM Modi

কৰ’নাতংকৰ মাজতে দেশৰ অৰ্থনীতিলৈ অহা কেইবাটাও প্ৰত্যাহ্বান মোকাবিলা কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰশীল ভাৰত অভিযান আৰম্ভ কৰিছে।

ইয়াৰ মাজতে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (CII)ৰ বাৰ্ষিক অনুষ্ঠানত ভাষণ দিয়ে।

ভাষণত প্ৰধান মন্ত্ৰীয়ে কয় যে আজি আমি এপিনে কৰ’না ভাইৰাছৰ সৈতে যুঁজ দিবলগীয়া হৈছে আৰু আনপিনে অৰ্থনীতিৰ প্ৰতিও চিন্তা কৰিব লগীয়া হৈছে।

প্ৰধান মন্ত্ৰীয়ে আশা ব্যক্ত কৰে যে দেশখনে অৰ্থনীতিৰ ক্ষিপ্ৰ গতি পুনৰ ঘুৰাই পাব।

প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে মোৰ দেশৰ ক্ষমতা, প্ৰতিভা আৰু প্ৰযুক্তিৰ ওপৰত ভৰসা আছে আৰু সেই কাৰণেই বিশ্বাস আছে যে আমি এবাৰ পুনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষিপ্ৰ গতিলৈ ঘুৰি আহিম।

প্ৰধান মন্ত্ৰীয়ে কয় যে অৰ্থনীতিক পুনৰ শক্তিশালী কৰাটো চৰকাৰৰ প্ৰাথমিকতা আৰু ইয়াৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰে বৰ্তমান পৰিস্থিতিৰ পৰা ওলাই অহাৰ বাবে তাৎক্ষণিক সিদ্ধান্তৰ উপৰি দীৰ্ঘম্যাদী লাভৰ বাবেও সিদ্ধান্ত লৈছে।

প্ৰধান মন্ত্ৰীয়ে গৰীব কল্যান আঁচনিৰ জৰিয়তে ৭৪কোটি লোকৰ ঘৰত খাদ্য সামগ্ৰী যোগান ধৰা হৈছে আৰু প্ৰবাসী শ্ৰমিকৰ বাবে বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰি থকা হৈছে।

প্ৰধান মন্ত্ৰী মোদীয়ে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ বাবে পাঁচটা বিষয়ৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা উল্লেখ কৰে। ইয়াৰ ভিতৰত ইন্টেন্ট, ইনক্লুজন,ইনভেষ্টমেন্ট, ইনফ্ৰাষ্ট্ৰাকশ্যাৰ আৰু ইন’ভেশ্যন অন্তৰ্ভুক্ত আছে।

কৃষকৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে এক ঐতিহাসিক পৰিৱৰ্তন আনিছে যাতে কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী যিকোনো ঠাইতে বিক্ৰী কৰিব পাৰে।

মোদী চৰকাৰে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ পাছত প্ৰধান মন্ত্ৰীৰ উদ্যোগীসকলৰ সৈতে এয়া আছিল প্ৰথমটো আটাইতকৈ ডাঙৰ বাৰ্তা।