NORTHEAST NOW (Assamese)
অসম

প্ৰসংগ-বিশ্ব স্বাস্থ্য সংস্থাৰ সংস্কাৰ, ভাৰত-চীন সীমা বিবাদ; মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2020 11:59 pm
modi_trump55_1566439211_1586236906_618x347 new

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপত অংশ লয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে।

টেলিফোনিক বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই নিজৰ নিজৰ দেশত ক’ৰ’না ভাইৰাছৰ পৰিস্থিতি সম্পৰ্কে চৰ্চা কৰাৰ উপৰিও ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদ সম্পৰ্কেও আলোচনা কৰে বুলি জানিব পৰা গৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই প্ৰধান মন্ত্ৰী মোদীলৈ ফোন কৰি শেহতীয়া পৰিস্থিতি সন্দৰ্ভত চৰ্চা কৰে।

ইপিনে বিশ্ব স্বাস্থ্য সংস্থাৰ সংস্কাৰৰ প্ৰসংগতো দুয়োগৰাকী শীৰ্ষস্থানীয় নেতাই বাৰ্তালাপ কৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰই উল্লেখ কৰে।

আনহাতে, টেলিফোনিক বাৰ্তালাপৰ সময়ত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে নৰেন্দ্ৰ মোদীক আগন্তুক জি-৭ ৰাষ্ট্ৰৰ সমাৰোহত অংশগ্ৰহণ কৰাৰ বাবেও আমন্ত্ৰণ জনায়।

উল্লেখযোগ্য যে, বিগত কিছুদিনৰ পৰা ভাৰত আৰু চীনৰ মাজত লাডাখ সীমান্তত উত্তেজনা বৃদ্ধি পাইছে।

দুয়োখন দেশে সীমান্তত নিজ নিজ সৈন্য শক্তি বৃদ্ধি কৰিছে।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনা বাহিনী কোনো কাৰণতে পিছুৱাই নাহে বুলি উল্লেখ কৰি ভাৰতে সদায় শান্তিৰ মাজেৰে সমস্যা সমাধানৰ পোষকতা কৰে বুলি মত প্ৰকাশ কৰে।