NORTHEAST NOW (Assamese)
Popular Stories

দেশত ২ লাখৰ দিশে ক’ৰ’না আক্ৰান্তৰ সংখ্যা; মঙলবাৰে মহাৰাষ্ট্ৰত ২০০ৰো অধিক লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 3, 2020 8:38 am

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। মঙলবাৰৰ দিনটোত ৮ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ২০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাছে।

এইয়ালৈকে দেশত সংক্ৰমণৰ সংখ্যা প্ৰায় ২ লাখৰ ওচৰা ওচৰি হোৱাৰ লগতে প্ৰায় ৬ হাজাৰ লোকৰ মৃত্যু হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে দেশত বৰ্তমানলৈকে ১,৯৮,৭০৬ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত মৃত্যু হৈছে ৫,৫৯৮ গৰাকী লোক।

মঙলবাৰৰ দিনটোত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত ১০৩, দিল্লীত ৩৩, গুজৰাটত ২৯, তামিলনাডুত ১৩ আ্‌ৰু পশ্চিমবংগত ১০।

ইয়াৰ উপৰি উত্তৰ প্ৰদেশত ৭ গৰাকী, মধ্য প্ৰদেশত ৬ গৰাকী, ৰাজস্থান আৰু তেলেংগানাত চাৰিগৰাকীকৈ, জম্মু-কাশ্মীৰত তিনিগৰাকী, পঞ্ডাৱ আৰু হাৰিয়ানাত দুজনকৈ, চণ্ডিগড়, ছত্তিছগড় আৰু কেৰালাত একোজনকৈ লোকৰ মৃত্যু হয়।

উল্লেখ্য যে ৰাজ্য সমূহৰ ভিতৰত অধিক ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত এই পৰ্যন্ত ৭২,৩০০ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ২,৪৬৫ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে দিল্লীত ২২,১৩২ গৰাকী আৰু গুজৰাটত ১৭,৬৩২ গৰাকী লোক এই পৰ্যন্ত ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জনাইছে।