NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ১৬৭২ লৈ বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা; আজিৰ দিনটোত এতিয়ালৈ আক্ৰান্ত ১১১ গৰাকী

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া June 3, 2020 2:14 pm
102 persons test COVID-19 positive in Tripura

অসমত ১৬৭২ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ৫১ গৰাকী লোকৰ দেহত পোৱা গৈছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আক্ৰান্তসকলৰ ভিতৰত ২৮ গৰাকী ধুবুৰী, ১৩ গৰাকী দৰঙৰ, ৫ গৰাকী কৰিমগঞ্জৰ, শোণিতপুৰ জিলাৰ ৩ গৰাকী আৰু দুগৰাকী লখিমপুৰ জিলাৰ।

বৰ্তমান ১৩২৮ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৩৩৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী লোক ৰাজ্যত মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে ৬০ গৰাকী লোকৰ দেহত পোৱা গৈছিল মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৩৮ গৰাকী ধুবুৰী, ১৮ গৰাকী গোলাঘাট আৰু চাৰিগৰাকী নগাওঁ জিলাৰ আছিল।

আজিৰ দিনটোত বৰ্তমানলৈ ১১১ গৰাকী লোকৰ দেহত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰিছে।

২ জুনত ৭৬ গৰাকী, ১ জুনত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৫৯১ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।