NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত একেদিনাই পুনৰ ১১ জন ব্যক্তিৰ কোভিড-১৯ পজিটিভ : দিনটোত ২৪ জনলৈ বৃদ্ধি আক্ৰান্ত

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম June 3, 2020 9:00 pm
102 persons test COVID-19 positive in Tripura

বিশ্বনাথত একেটা দিনতে পুনৰ ১১ জন লোকৰ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে।

বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা আৰু  জিলাখনৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা এই আক্ৰান্ত ১১ জন ব্যক্তি হৈছে দিগন্ত ঘিমিৰে(কৰৈয়নী), অমৃত চেত্ৰী (নিজ বাঘমাৰী), থুংচাঙ দৈমাৰী (বালিজুুৰি), বিকাশ অধিকাৰী(গহপুৰ), অজয় প্ৰধান (গহপুৰ), নবীন তিৱাৰী (দীপৰা পুখুৰী), দুৰ্গা শৰ্মা (গমিৰি), জগন্নাথ কৈৰালা (দীপৰা পুখুৰী), ৰমেন মহন্ত (গমিৰি), দীনেশ ঢাকাল(দীপৰা পুখুৰী) আৰু  লীলা তিৱাৰী (দীপৰা পুখুৰী)।

উল্লেখ্য যে, ইয়াৰে প্ৰথম দুজন বিশ্বনাথ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰৰ।

অন্য তিনিজন পাভৈ এম. এচ. দি. পি. হোষ্টেলৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ আছিল।

শেষৰ ৬ জন গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয় চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন হৈ আছিল।

উল্লেখ্য যে আজিৰ দিনটোত ইতিমধ্যে আন ১৩ জন লোকৰ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছিল।

সেই অনুসৰি আজিৰ দিনটোতে মুঠ ২৪ জন লোকৰ ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে।

ইয়াৰ লগে লগে বিশ্বনাথ জিলাখনৰ কোৱাৰেন্টাইন কেন্দ্ৰত কোভিড-১৯ পজিটিভ লোকৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পালে ।