NORTHEAST NOW (Assamese)
অসম

সলনি হ’ব ড্ৰাইভিং লাইচেন্স-গাড়ী পঞ্জীয়নৰ নিয়ম! চৰকাৰে চলাইছে প্ৰস্তুতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 5:41 pm
auto-news-12_060420084358 new

আগন্তুক দিনত ডাইভিং লাইচেন্স আৰু নতুন গাড়ীৰ পঞ্জীয়নৰ সৈতে জড়িত নিয়ম সলনি হ’ব পাৰে।

কেন্দ্ৰীয় চৰকাৰে যান-বাহন আইনৰ সংশোধনৰ বাবে পোৱা প্ৰস্তাৱৰ ওপৰত হিতাধিকাৰীসকলৰ পৰা পৰামৰ্শ বিচাৰিছে।

অহা কেইমাহমানৰ ভিতৰত সংশোধনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বাতৰি অনুসৰি, চৰকাৰে এই সম্পৰ্কত জাননীও জাৰি কৰিছে।

প্ৰস্তাৱ অনুসৰি যদি কোনো বাহন বেয়া ওলায় তেতিয়াহ’লে বাহন নিৰ্মাতা কোম্পানীৰ ওপৰত জৰিমনা বৃদ্ধি কৰা হ’ব পাৰে।

জৰিমনা কোম্পানীৰ ওপৰত ১০ লাখৰ পৰা এক কোটি টকাৰ ভিতৰত ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে।

এই জৰিমনা বাহনৰ প্ৰকাৰ আৰু বেয়া ওলোৱা সংখ্যাৰ ওপৰত নিৰ্ভৰ হ’ব বুলি কোৱা হৈছে।

পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে‘’মন্ত্ৰ্যালয়ে যান বাহন আইনত সংশোধনৰ প্ৰস্তাৱৰ ওপৰত হিতাধিকাৰীৰ পৰা পুনৰ পৰামৰ্শ তথা মতামত আহ্বান কৰিছে। ইয়াৰ ভিতৰত নতুন গাড়ীৰ পঞ্জীয়ন, পুৰণি বাহন ঘুৰাই লোৱা আৰু ড্ৰাইভিং লাইচেন্সৰ ওপৰত পৰামৰ্শ বিচৰা হৈছে।‘’

উল্লেখ্য যে ইয়াৰ পূৰ্বে চৰকাৰে প্ৰথমতে যোৱা ১৮ মাৰ্চত এই জাননী জাৰি কৰিছিল। তিনিমাহৰ ভিতৰতে চৰকাৰে এইবাৰ পুনৰ এই জাননী জাৰি কৰিছে।

লকডাউনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে মন্ত্ৰ্যালয়ে হিতাধিকাৰীসকলক পৰ্যাপ্ত সময় দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিয়েই পুনৰ পৰামৰ্শ বিচাৰি এই জাননী জাৰি কৰিছে।