NORTHEAST NOW (Assamese)
Popular Stories

অৰুণাচলত ৪১জনলৈ বৃদ্ধি পালে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা; নতুনকৈ ৪জন আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 4, 2020 6:32 pm
COVID-19 positive cases reach 210 in Assam

অৰুণাচল প্ৰদেশত বৃহস্পতিবাৰে ৪টা নতুন ক’ৰ’না ভাইৰাছৰ কে’চ ধৰা পৰিছে, ইয়াৰ সৈতে ৰাজ্যখনত কোভিড-১৯ৰ সংখ্যা ৪১লৈ বৃদ্ধি পায়।

আজি ধৰা পৰা ৪ গৰাকী আক্ৰান্তৰ ৩ গৰাকী চাংলাং জিলাৰ আৰু এগৰাকী পশ্চিম চিয়াং জিলাৰ আলোৰ, ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এই কথা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৬ এপ্ৰিলত ক’ৰ’নাত আক্ৰান্ত ৰাজ্যখনৰ প্ৰথমজন ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ পিছতে অৰুণাচল প্ৰদেশক ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা হৈছিল যদিও শেহতীয়াকৈ ইয়াত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।

বুধবাৰে ৰাজ্যখনত ৯ গৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

স্বাস্থ্য বিভাগৰ মতে বাহিৰৰ ৰাজ্যসমূহত থকা লোকসকল উভতি অহাৰ বাবেই আক্ৰান্তৰ সংখ্যা এইদৰে বৃদ্ধি পাবলৈ ধৰিছে।

যোৱা কেইটামান সপ্তাহত ৰাজ্যখনলৈ শ্ৰমিক স্পেচিয়েল ট্ৰেইন, বিমাণ, বাছ আৰু ব্যক্তিগত বাহনেৰে ৮০০০তকৈ অধিক লোক উভতি অহাৰ লগতে আন ৫০০০ লোক আহি আছে বুলি যোৱা সোমবাৰে মুখ্য মন্ত্ৰী পেমা খাণ্ডুয়ে কয়।