NORTHEAST NOW (Assamese)
অসম

দিল্লী মেট্ৰ’ ৰেইলৰ ২০জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2020 8:24 am
COVID19: 2772 persons discharged in Assam on Thursday

দিল্লী মেট্ৰ’ ৰেইল কৰ্পোৰেশ্যন (ডিএমআৰচি)ৰ কমেও বিশ জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

বাতৰি অনুসৰি, ডিএমআৰচিৰ এই কৰ্মচাৰীকেইজন বৰ্তমান সুস্থ হৈ উঠাৰ পথত আৰু শাৰীৰিকভাৱে স্থাস্থ্য ভালেই আছে।

ডিএমআৰচিৰ বিষয়াই জানিবলৈ দিয়ে যে যেতিয়াই চৰকাৰৰ পৰা নিৰ্দেশনা লাভ কৰে তেতিয়াই ইয়াৰ বহু কৰ্মচাৰী সেৱাসমূহ সুষম কৰি তুলিবলৈ কাৰ্যালয় বা ষ্টেশ্যন চৌহদলৈ আহে।

এক বিবৃতিত ডিএমআৰচিয়ে কয়,’’দেশৰ বাকী অংশৰ লগতে ডিএমআৰচিয়েও কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে।‘’

‘’দিল্লী মেট্ৰ’ৰ কৰ্মচাৰীসকলে মেট্ৰ’সেৱা পুনৰ গিতশীল কৰি তুলিবলৈ মেট্ৰ’ ব্যৱস্থাটোক সুষম কৰি ৰখাৰ বাবে দৃষ্টান্তমূলকভাৱে কাম কৰি আছে,’’-বিবৃতিটোত লগতে কোৱা হয়।

‘’এন চি আৰৰত সিচৰিত হৈ থকা একাংশ কৰ্মচাৰী ভাইৰাছৰ দ্বাৰা সংক্ৰমিতও হৈছে। তেওঁলোক সুৰক্ষিত আৰু ক্ৰমে সুস্থ হৈ উঠিছে,’’-বিবৃতিটোত কোৱা হয়।

‘’অৱশ্যে, এই সংকটৰ সময়তো দিল্লী মেট্ৰৰ কৰ্ম তৎপৰতা ক্ষিপ্ৰতাৰে আগবাঢ়িছে,’’-ইয়াত লগতে কোৱা হয়।

ডিএমআৰচিয়ে ইয়াৰ টুইটাৰত প’ষ্ট কৰা বিবৃতিটোত লগতে ইয়াৰ মাস্ক আৰু এযোৰ গ্ল’ভছ পিন্ধা প্ৰতীকিটোৰ পোষ্টাৰো সংলগ্ন কৰিছে।

ইয়াৰ মাজতে, দিল্লীত ইতিমধ্যে ২৫০০৪জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৯৮৯৮জন লোক কোবিড-১৯ৰ ফলত মৃত্যু হৈছে।