NORTHEAST NOW (Assamese)
অসম

কৃষকৰ সন্তানে লাভ কৰিলে হাইমাদ্ৰাছাত প্ৰথম স্থান; বৰপেটাৰ ধকুৱাত আনন্দৰ জোৱাৰ

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস June 6, 2020 1:11 pm

আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ ফলাফল ৷

ঘোষিত ফলাফল অনুসৰি হাইমাদ্ৰাছাত প্ৰথম স্থান লাভ কৰে বৰপেটা চহৰৰ সমীপৰ ধকুৱাৰ ইয়ামিন আলীয়ে ৷

খেতি কৰি আৰু পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া কৰম আলীৰ দ্বিতীয় সন্তান ইয়ামিন আলীৰ এই সফলতাত অঞ্চলটোত এক আনন্দৰ বন্যা বয় ৷

ইয়ামিন আলীয়ে ৫৫৮ নম্বৰ লাভ কৰি এই সফলতা অৰ্জন কৰে ৷

ভবিষ্যতে এগৰাকী সমাজকৰ্মী হ’ব বুলি নিজৰ পৰিকল্পনা ব্যক্ত কৰিছে ইয়ামিনে ৷

আৰ্থিক দীনতাই একপ্ৰকাৰ কোঙা কৰা পৰিয়ালটোৰ সদস্য ইয়ামিন আলীৰ পঢ়া শুনাত যাতে ভবিষ্যতে হেঙাৰ সৃষ্টি নহয় তাৰবাবে ৰাজ্য চৰকাৰৰ লগতে সাংসদ আৰু স্থানীয় বিধায়কৰ সহায় বিচাৰিছে ইয়ামিনৰ পিতৃ মাতৃ ক্ৰমে কৰম আলী আৰু গনৱাৰা খাতুনে ৷

উল্লেখ্য যে আজি ফলাফল ঘোষণা কৰা অসম হাই মাদ্ৰাছা পৰীক্ষাত সৰ্ব মুঠ ৯৩৪৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৭১২ গৰাকী পৰীক্ষাৰ্থী।

সেইদৰে, দ্বিতীয় বিভাগত ২৬৩৯ গৰাকী আৰু তৃতীয় বিভাগত ২৬০০ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

এই পৰীক্ষাত সৰ্বমুঠ ৫৯৫১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

মুঠ উত্তীৰ্ণৰ হাৰ ৬৩.৬৭ শতাংশ। ইয়াৰে ৬৫.২৫% শতাংশ ছাত্ৰ আৰু ৬২.৬২% শতাংশ ছাত্ৰী।