NORTHEAST NOW (Assamese)
অসম

মণিপুৰত পুনৰ ১৫ গৰাকী লোকৰ শৰীৰত কোভিড-১৯-ৰ উপস্থিতি; মুঠ আক্ৰান্তৰ সংখ্যা ১৭২ লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2020 4:41 pm
covid-19-image-750x374

মণিপুৰত দেওবাৰে পুনৰ ১৫ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে।

নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা এই ১৫ গৰাকী লোকৰ সৈতে ৰাজ্যখনত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৭২ গৰাকীলৈ বৃদ্ধি পায়।

দেওবাৰে ক’ৰ’না আক্ৰান্ত লোক সকলৰ ভিতৰত ছয়গৰাকী লোক থাওবালৰ, পাঁচগৰাকী উখৰুল, তিনিগৰাকী কাংগপোকপি আৰু এগৰাকী পশ্চিম ইম্ফলৰ বাসিন্দা।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে দেওবাৰে ক’ৰ’না আক্ৰান্ত হোৱা আটাইকেইগৰাকী লোক মুম্বাই আৰু দিল্লীৰ পৰা উভতি অহা বুলি জানিবলৈ দিয়ে।

আটাইকেইগৰাকী লোককে ইম্ফলত থকা কোভিড হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

মণিপুৰত ক’ৰ’না আক্ৰান্ত সকলৰ ভিতৰত বৰ্তমানলৈ ৫২ গৰাকী লোক সুস্থ হৈ নিজ গৃহলৈ উভতিছে।

বৰ্তমান ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত মুঠ ১২০ ক’ৰ’না আক্ৰান্তই চিকিৎসা গ্ৰহণ কৰি আছে।

মণিপুৰৰ ১৬ খন জিলাৰ ভিতৰত চুৰাচন্দপুৰ জিলাত সৰ্বাধিক সংখ্যক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।