NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ বিভিন্ন ঠাইত চলিছে ‘মা ক’ৰ’না’ পূজা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 11:51 am

ঝাৰখণ্ডৰ দৰে অসমতো এতিয়া কোভিড-১৯ৰ পৰা পৰিত্ৰান পাবৰ বাবে একাংশই মাৰাত্মক ক’ৰ’না ভাইৰাছক পুজা-অৰ্চনা কৰা আৰম্ভ কৰিছে।

যোৱা কেইটামান দিনত অসমৰ বিভিন্ন ঠাইৰ বহু মহিলাই ক’ৰ’না ভাইৰাছক ‘দেৱী’ বা ‘মা ক’ৰ’না’ হিচাপে পূজা আগবঢ়োৱা দেখা যায়।

তেওঁলোকৰ বিশ্বাস, কোভিড-১৯ মহামাৰীৰ পৰা পৰিত্ৰান পোৱাৰ এয়াই একমাত্ৰ উপায়।

বিশ্বনাথ চাৰিআলি, দৰং তথা গুৱাহাটীৰো বিভিন্ন ঠাইত মহিলাসকলে মন্দিৰত, নদীৰ পাৰত বা ডাঙৰ গছৰ তলত ‘ক’ৰ’না দেৱী’ পূজা আগবঢ়ায়। ঠায়ে ঠায়ে মহিলাসকলৰ লগত পুৰুষেও যোগ দিয়ে।

বিশ্বনাথ জিলাত আনকি ‘মা ক’ৰ’না’ক সন্তুষ্ট কৰাৰ বাবে একাংশ মহিলাই দিনজোৰা উপৱাস পালন কৰাও দেখা যায়।

তেওঁলোকৰ মতে যদিহে তেওঁলোকে আগবঢ়োৱা পূজাত ‘ক’ৰ’না দেৱী’ সন্তুষ্ট হয় তেতিয়া কোভিড-১৯ নাইকিয়া হৈ যাব।

আনহাতে এইধৰণৰ অন্ধ বিশ্বাসৰ যাতে নোহোৱা কৰিব পাৰি তাৰ বাবে সজাগতা সৃষ্টি কৰাত গুৰুত্ব দিয়া উচিত বুলি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই কয়।

উল্লেখযোগ্য যে যোৱা সপ্তাহত ঝাৰখণ্ডৰ বিভিন্ন ঠাইত মহিলাসকলে সেন্দুৰ, ফুল, কলহ আদি লৈ গছৰ তলত বহি ‘ক’ৰ’না দেৱী’ৰ পূজা কৰা দেখা গৈছিল।