NORTHEAST NOW (Assamese)
অসম

প্ৰশিক্ষণৰ সময়তে বিমান ভাঙি পৰি দুগৰাকী পাইলটৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2020 1:04 pm
aircraft-crash-in-Odisha

সোমবাৰে ৰাতিপুৱাই উৰিষ্যাত প্ৰশিক্ষণৰ সময়ত ভাঙি পৰে এখন বিমান। এই দুৰ্ঘটনাৰ ফলত দুগৰাকী পাইলট মৃত্যু মুখত পৰে।

ইয়াৰে এগৰাকী প্ৰশিক্ষণ লৈ থকা মহিলা পাইলট আৰু আন গৰাকী নিৰ্দেশক আছিল।

উৰিষ্যাৰ ধেনকানল জিলাৰ কামাখ্যা চহৰৰ কাষত এই দুৰ্ঘটনা সংঘটিত হৈছে।

দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে এতিয়া স্পষ্ট কোনো তথ্য জানিব পৰা হোৱা নাই।

বাতৰি অনুসৰি, বিমানকন চৰকাৰী বিমান প্ৰশিক্ষণ কেন্দ্ৰৰ আছিল আৰু আনদিনাৰ দৰেই ৰাতিপুৱা বিমানৰ উৰণৰ প্ৰশিক্ষণ চলোৱা হৈছিল।

প্ৰশিক্ষণৰ মাজতে বিমানখন হঠাতে মাটিত ভাঙি পৰে আৰু লগে লগে জুই জ্বলি উঠে।

বিমানখনৰ পাইলট দুগৰাকীক ততাতয়াকৈ হাস্পাতললৈ নিয়া হয় যদিও হাস্পাতলত চিকিৎসকে দুয়োগৰাকীকে মৃত বুলি ঘোষণা কৰে।

মৃতদেহ দুটা ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে, মৃত দুগৰাকীৰ এগৰাকী আনিছা ফাতেমাই বিমান উৰণৰ প্ৰশিক্ষণ লৈছিল। ফাতেমা তামিলনাডুৰ বাসিন্দা।

আনহাতে, আনগৰাকী বিহাৰৰ বাসিন্দা সঞ্জয় ঝা সংস্থাটোৰ নিৰ্দেশক আছিল।

আৰক্ষীৰ প্ৰাথমিক তদন্তত বেয়া বতৰৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও কাৰিকৰী বিসংগতিৰ দিশটোও অস্বীকাৰ কৰা নাই।