NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ আৰু নতুন ঠাইক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 8, 2020 8:22 pm

গুৱাহাটী মহানগৰীৰ চাৰিটা অঞ্চলক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰসাশনে।

প্ৰসাশনে কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চল কেইটা হৈছে চেৰাবভাটি, আঠগাঁও, ভাস্কৰ নগৰ ব্লক বি আৰু চন্দ্ৰপুৰৰ হাজংবৰি গাঁও।

কৰ’না ভাইৰাছৰ উপস্থিতি পোৱাৰ বাবে কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে।

চেৰাবভাটি কনটেইনমেণ্ট জ’নৰ সীমা হৈছে উত্তৰে শংকৰ ল’জ, দক্ষিণে আৰ্য্য মহাবিদ্যালয়ৰ খেলপথাৰ, পূবে শ্ৰম আযুক্তৰ কাৰ্যালয় আৰু পশ্চিমে এ কে আজাদ ৰোড।

আঠগাঁও কনটেইনমেণ্ট জ’নৰ সীমা হৈছে উত্তৰে জিএছ টি ভৱন, দক্ষিণে ভুজন চিকিৎসালয়, পূবে গল বিল্ডিং আৰু পশ্চিমে কেদাৰ ৰোড।

আনহাতে ভাস্কৰ নগৰ ব্লক বিৰ সীমা হৈছে উত্তৰে নিপন বৰা পথ, দক্ষিণে চকলেট ফেক্টৰি, পূবে ভাস্কৰ নগৰ বি ব্লকৰ এটা অংশ আৰু পশ্চিমে নিপন বৰা পথ।

চন্দ্ৰপুৰৰ হাজংবৰি গাঁৱৰ কনটেইনমেণ্ট জ’নৰ সীমা হৈছে উত্তৰে নাৰেগিং চন্দ্ৰপুৰ গড়কাপ্তানি পথ, দক্ষিণে গুৱাহাটী লামডিং ৰেইলৱে ট্ৰেক, পূবে প্ৰদীপ দৈমাৰীৰ বাসগৃহ আৰু পশ্চিমে দিলীপ চেত্ৰিৰ বজাৰ গৃহ।

অহা ১৪ দিনলৈ এই অঞ্চল সমূহত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে আৰু ওলাই অহাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।