NORTHEAST NOW (Assamese)
অসম

‘বালি’ত কুৱাত পৰিল বগা চাহাব; ছয় দিনৰ পাছত গাঁৱবাসীয়ে কৰিলে উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 9, 2020 10:20 am
201911240209466259_Man-chased-by-ghost-in-dreams-falls-into-well_SECVPF-620x375

ইণ্ডোনেছিয়াৰ নদীদ্বীপ ‘বালি’ত কুৱাত পৰা এজন ব্ৰিটেইনৰ নাগৰিকক ছয়দিন পাছত কুৱাটোৰ পৰা উদ্ধাৰ কৰা হয়।

বাতৰি অনুসৰি, ২৯ বছৰীয়া জেকব ৰবাৰ্টছ নামৰ ব্যক্তিজনৰ পেকাটু নামৰ গাঁৱখনত এটা কুকুৰে খেদাৰ পাছত কুৱাৰ চাৰি মিটাৰ তলত পৰি ভৰি এখন ভাগে।

কুৱাটো শুকান আছিল যদিও তেওঁৰ ভগা ভৰিৰে ওপৰলৈ উঠি আহিবলৈ সক্ষম হোৱা নাছিল।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, কুৱাটোত সামান্য পানী আছিল আৰু সিয়েই তেওঁক জীয়াই থকাত সহায় কৰিছে।

অৱশেষত সহায়ৰ বাবে চিঞৰি থকা ৰবাৰ্টছৰ মাত এগৰাকী স্থানীয় বাসিন্দাই শুনিবলৈ পায়।

গাঁৱখনৰ এটা নিৰ্জন অংশত অৱস্থিত তালৈ গাঁৱখনৰ উক্ত ব্যক্তিগৰাকী গৰুৰ ঘাঁহ কাটিবলৈ গৈছিল।

তেওঁ লগে লগে গাঁৱৰ কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে।

তিনিগৰাকী লোকে সুৰক্ষামূলক চ্যুট পৰিধান কৰি ব্যক্তিগৰাকীক কুৱাটোৰ পৰা উদ্ধাৰ কৰি বাহিৰলৈ আনে।

ৰবাৰ্টছ বালিৰ এগৰাকী বাসিন্দা নে তেওঁ তালৈ ফুৰিবলৈ আহিছিল সেয়া জানিব পৰা হোৱা নাই।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বালিতো কেইমাহ ধৰি লকডাউন চলি আছে যদিও কেইবাটাও স্থানত সাৱধানতা অৱলম্বন কৰি পুনৰ খুলিবলৈ আৰম্ভ কৰিছে।