NORTHEAST NOW (Assamese)
অসম

বাঘজানৰ ঘটনা: তদন্ত সমিতি গঠন পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ

Posted by: ৰূপা সৰকাৰ Updated by: ৰূপা সৰকাৰ June 11, 2020 11:18 pm
MoPNG sets up inquire committee over Baghjan incident

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে বাঘজানৰ গেছ নিৰ্গমন আৰু অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে বৃহস্পতিবাৰে এক উচ্চস্তৰীয় সমিতি গঠন কৰিছে।

সমিতিখনক এমাহৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

হাইড্ৰ’কাৰ্বন সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান এছ চি এল দাসক অধ্যক্ষৰূপে লৈ সমিতিখন গঠন কৰা হৈছে।

তিনিজনীয়া সমিতিখনৰ আন দুজন সদস্য হৈছে অ’ এন জি চিৰ প্ৰাক্তন অধ্যক্ষ আৰু প্ৰাক্তন সঞ্চালক ক্ৰমে বি চি বৰা আৰু টি কে সেনগুপ্তা।

সমিতিখনে ঘটনাটোলৈ লৈ যোৱা নিৰ্ধাৰিত প্ৰ’ট’কল আৰু পদ্ধতিসমূহৰ ত্ৰুটীসমূহ চিনাক্ত কৰিব।

আৰু এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে নিৰ্ধাৰিত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰত যিকোনো সুৰঙা চিনাক্ত কৰাকে ধৰি হ্ৰস্ব আৰু দীৰ্ঘকালীন ব্যৱস্থাৰ পৰামৰ্শ দিব।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্তৰ বাবে বৃহস্পতিবাৰে নিৰ্দেশ দিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙক এক তদন্ত কৰি ১৫দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

বাঘজানৰ ৫নং খাদত সংঘটিত অগ্নিকাণ্ডত দুজন অগ্নিনিৰ্বাপন কৰ্মীয়ে জীৱন হেৰুওৱাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ পৰা কেইবা হাজাৰ মানুহ স্থানান্তৰিত কৰা হৈছে।

খাদটোত সংঘটিত বিস্ফোৰণটো ইমানেই প্ৰচণ্ড আছিল যে ৩০ কি.মি.তকৈয়ো অধিক দূৰত্বৰ পৰা বহু মিটাৰ উচ্চতালৈকে ডাঠ, ক’লা ধোঁৱা ওলাই থকা দেখা পোৱা গৈছে।

খাদটোত কৰ্তব্যত অৱহেলাৰ অভিযোগত অইলৰ দুজন বিষয়াক নিলম্বিত কৰা হৈছে।

লগতে খাদটোৰ ব্যক্তিগত অপাৰেটৰ জন এনাৰ্জি প্ৰাইভেট লিমিটেডলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে।