NORTHEAST NOW (Assamese)
অসম

ছিকিমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৭ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 2:08 pm
642 persons test Covid19 positive in Assam on Saturday

ছিকিমত বৃহস্পতিবাৰৰ দিনটোত সৰ্বাধিক ১৪ গৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত পাহাৰীয়া ৰাজ্যখনত ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা ২৭ গৰাকীলৈ বৃদ্ধি পায়।

বৃহস্পতিবাৰে ক’ৰ’না পজিটিভ হোৱা ১৪ গৰাকী লোকৰ ভিতৰত ৯ গৰাকী ৰাণীপুলৰ বাহাই স্কুল কোৱাৰেণ্টাইন চেণ্টাৰৰ, ৩ গৰাকী ইপিকা গাৰ্ডেনৰ আৰু ২ গৰাকী পি এন জি স্কুল কোৱাৰেণ্টাইন চেণ্টাৰৰ।

ছিকিমৰ স্বাস্থ্য সচিৱ ড০ পেমা ভূটীয়াই এই কথা প্ৰকাশ কৰে।

ভূটীয়াই বৃহস্পতিবাৰে ক’ৰ’না আক্ৰান্ত হোৱা আটাইকেইগৰাকী লোকৰে ভ্ৰমণৰ ইতিহাস আছে বুলিও লগতে কয়।

ক’ৰ’না আক্ৰান্ত আটাইকেইগৰাকী লোককে এছ টি এন এম হস্পাতাললৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছে।

আনহাতে, ক’ৰ’না আক্ৰান্ত হোৱা লোক কেইজনে থকা কোৱাৰেণ্টাইন কেন্দ্ৰ কেইটাকো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

ছিকিমত বৃহস্পতিবাৰে ক’ৰ’না আক্ৰান্ত হোৱা ১৪ গৰাকী লোকৰ ভিতৰত ১২ গৰাকী মুম্বাইৰ পৰা অহাৰ বিপৰীতে দুগৰাকী পশ্চিমবংগৰ পৰা অহা।

স্বাস্থ্য সচিৱ ভূটীয়াই এগৰাকী দুইবছৰীয়া শিশু ক’ৰ’না আক্ৰান্ত হৈছে বুলিও লগতে জানিবলৈ দিয়ে।