NORTHEAST NOW (Assamese)
অসম

ভাৰত-নেপাল সীমান্তত নেপালী আৰক্ষীৰ গুলীত ভাৰতীয় কৃষকৰ মৃত্যু; দুজন আঘাতপ্ৰাপ্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 12, 2020 2:24 pm

ভাৰত আৰু নেপালৰ মাজত চলি থকা সীমা বিবাদৰ সময়তে বিহাৰৰ সীমামাৰহি জিলাৰ ভাৰত-নেপাল সীমান্তত নেপালী আৰক্ষীয়ে কৰা গুলীচালনাত এগৰাকী ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী আঘাতপ্ৰাপ্ত হয়।

মৃত্যু হোৱা ভাৰতীয় লোক গৰাকীয়ে নিজৰ খেতিপথাৰত কাম কৰি থকা সময়তে নেপালৰ ফালৰ পৰা অহা গুলীয়ে বুকু ভেদ কৰি যায়।

মৃত্যু হোৱা ভাৰতীয় লোক গৰাকী জনন নগৰ তোলি লালবান্দিৰ নাগেশ্বৰ ৰায়(২৫) বুলি চিনাক্ত কৰা হৈছে।

নেপালৰ ফালৰ পৰা গুলীচালনা কৰা হৈছে বুলি বিহাৰ চেক্টৰত কৰ্মৰত সসস্ত্ৰ সীমা বলৰ জোৱানে প্ৰকাশ কৰে।

গাঁও বাসীয়ে জনোৱা মতে, নেপালী আৰক্ষীয়ে প্ৰায় ১৭ ৰাউণ্ড গুলী ভাৰতীয় ভূখণ্ডলৈ লক্ষ্য কৰি চলায়।

বিগত সময়ছোৱাত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লিপুলেখ আৰু ধাৰচুলা সংযোগী ৮০ কিলোমিটাৰ দৈৰ্ঘৰ পথ উদ্বোধন কৰাৰ পাছতে ভাৰত আৰু নেপালৰ মাজত সীমা বিবাদ বৃদ্ধি পায়।

আনহাতে, ১১ জুনতো নেপালী প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে আলোচনা আৰু কূটনৈতিক প্ৰচেষ্টাৰ দ্বাৰা ভাৰতে দখল কৰিলোৱা নেপালৰ ভূখণ্ড ঘুৰাই লোৱা হ’ব বুলি মন্তব্য কৰিছিল।