NORTHEAST NOW (Assamese)
অসম

বিশ্বৰ বয়োজেষ্ঠ ক্ৰিকেটাৰ বসন্ত ৰাইজিৰ ১০০ বছৰ বয়সত দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 11:44 am

ক্ৰিকেট বিশ্বৰ আটাইতকৈ বয়োজেষ্ঠ ক্ৰিকেটাৰ বসন্ত ৰাইজিৰ আজি মুম্বাইস্থিত বাসগৃহত ১০০ বছৰ বয়সত দেহাৱসান ঘটে।

নিশা টোপনিৰ সময়তে বসন্ত ৰাইজিৰ দেহাৱসান ঘটে বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ইহ সংসাৰত পত্নী আৰু দুগৰাকী কন্যা সন্তান এৰি থৈ যায়।

সোহতীয়া বেটছমেন বসন্ত ৰাইজিয়ে ১৯৪০ চনত ৯ খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলত অংশ লৈ ২৭৭ ৰান সংগ্ৰহ কৰিছিল।

বসন্ত ৰাইজিয়ে বোম্বাই আৰু বৰদাৰ হৈ ৰঞ্জি ট্ৰফীৰ অপেনিং কৰিছিল।

১৯৪৪-৪৫ চনত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে বৰোদাই জয়ী হোৱাৰ সময়ত বসন্ত ৰাইজিয়ে দুটা ইনিংছত ক্ৰমে ৬৮ আৰু ৫৩ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়াইছিল।

২০১৬ চনত বি কে গাৰুদাচাৰৰ মৃত্যুৰ পাছত ৰাইজি ভাৰতৰ বয়োজেষ্ঠ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল।

চলিত বৰ্ষৰ ২৬ জানুৱাৰিত বসন্ত ৰাইজিয়ে ১০০ বছৰীয়া জন্মদিন উদযাপন কৰিছিল।

ৰাইজিৰ ১০০ বছৰীয়া জন্মদিনত ক্ৰিকেট বিশ্বৰ দুই মহাতাৰকা শচীন টেণ্ডুলকাৰ আৰু ষ্টিভ ৱ উপস্থিত আছিল।