NORTHEAST NOW (Assamese)
Popular Stories

ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰৰ দায়িত্ব ল’লে বিজেপি নেতা সুৰঞ্জন দত্তই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 13, 2020 4:18 pm

কালি দিন দুপৰতে দলবদ্ধ আক্ৰমণৰ বলি হৈ মৃত্যুক আকোৱালি লোৱা ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰৰ দায়িত্ব ল’লে বিজেপি নেতা সুৰঞ্জন দত্তই।

সুৰঞ্জন দত্ত বিজেপিৰ মিডিয়া পেনেলিষ্টৰ দায়িত্বত আছে।

শনিবাৰে দত্তই ফেচবুকযোগে এই কথা সদৰী কৰাৰ লগতে কমাৰ্চ পইণ্টস্থিত ঋতুপৰ্ণৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰে বুলি জনায়।

উল্লেখযোগ্য যে, কালি মহানগৰী নুনমাটিত দূৰ্বৃত্তৰ চুৰিকাঘাতত প্ৰাণ হেৰুৱাইছিল ঋতুপৰ্ণ পেগুৱে।

তেওঁৰ মৃত্যুৰ পাছত ৯ মহীয়া সন্তানটিক লৈ দিশহাৰা হৈ পৰিছিল তেওঁৰ পত্নী। কিয়নো পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মৃত ঋতুপৰ্ণ পেগু।

ইয়াৰ পাছতেই আজি ফেচবুকযোগে ‘ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰ গেৰি পেগুক গঢ় দিয়াৰ দায়িত্ব ল’লো’ বুলি মন্তব্য আগবঢ়াইছে বিজেপি নেতাজনে।

ইপিনে, এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত অভিযুক্ত হুছেইন আলি, দুলাল আলি, ইব্ৰাহিম আলি, মনোৱাৰা খাতুন আৰু আৰমান আলিক গ্ৰেপ্তাৰ কৰে নুনমাটি আৰক্ষীয়ে।

আৰমান আলি ঘটনা সংঘটিত হোৱা দোকানখনৰ স্বত্ত্বাধিকাৰী আৰু হুছেইন আলি দোকানখনৰ কৰ্মচাৰী।

ধৃত লোককেইজনৰ বিৰুদ্ধে নুনমাটি আৰক্ষীয়ে ২৯৪/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯/৩০২ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰে।

বৰ্তমান নুনমাটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।