NORTHEAST NOW (Assamese)
Popular Stories

কমিউনিষ্ট মেনিফেষ্ট’ ঠাইত আহিল ভাগৱত গীতা : অমাজানৰ আজৱ কাণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2020 8:50 pm
index.jpg54

কলকতাৰ এজন লোকে অমাজানত অৰ্ডাৰ কৰা কমিউনিষ্ট মেনিফেষ্ট’ৰ ঠাইত আহিল ভাগৱত গীতা।

কলকতাৰ নিৱাসী সুতীৰ্থ দাস নামৰ লোকজনে যোৱা বুধবাৰে অমাজানত কাৰ্ল মাক্সৰ কমিউনিষ্ট মেনিফেষ্ট’ নামৰ কিতাপখন অৰ্ডাৰ কৰিছিল।

বিশেষ ৰেহাই মূল্যত উপলদ্ধ কমিউনিষ্ট মেনিফেষ্ট’খন লোকজনে অগ্ৰিম ধন দি বুকিং কৰিছিল।

দাসৰ মতে মূল কিতাপখন নব্বৈ টকাতে অমাজানত উপলব্ধ আছিল। সেয়ে তেওঁ ডেলিভাৰী চাৰ্জ পঞ্চাশ টকাসহ মুঠ ১৯০ টকা কাৰ্ডেৰে অগ্ৰিম পেমেন্ট কৰে।

বুধবাৰে অৰ্ডাৰ কৰা কিতাপখন অমাজানৰ ডেলিভাৰী বয়ে আহি শনিবাৰে দুপৰীয়া সুতীৰ্থ দাসৰ ঘৰত দি যায়।

সেই সময়ত সুতীৰ্থ দাস কাৰ্যালয়ত উপস্থিত আছিল।

সন্ধিয়া কাৰ্যালয়ৰ পৰা আহি তেওঁ পেকেটো হাতত লৈ খুলি দেখে যে কমিউনিষ্ট মেনিফেষ্ট’ৰ সলনি ইংৰাজী ভাষালৈ অনূদিত ভাগৱত গীতাখন আহিছে।

সুতীৰ্থ দাসে সমগ্ৰ ঘটনাটো ক্রণ’লজি ফেইচবুকত শ্বেয়াৰ কৰিছে।