NORTHEAST NOW (Assamese)
Popular Stories

প্রায় ১.৪৫ কোটি টকাৰ সোণ ভৰ্তি বেগ এৰি গ’ল ট্ৰেইনত; ৮ মাহে খবৰ নাই গৰাকীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2020 9:13 am

আমাৰ হয়তো সকলোৰেইে জীৱনত কেতিয়াবা বাছ, কেব বা ট্ৰেইন আদিত লগত নিয়া কিবা সামগ্ৰী এৰি অহাৰ অভিজ্ঞতা আছে।

কিন্তু কোনোবাই ট্ৰেইনত সোণভৰ্তি এটা বেগ এৰি অহাৰ কথা আপুনি কেতিয়াবা কল্পনা কৰিব পাৰেনে?

পিছে এনে এক আজৱ কাণ্ডই কৰিলে ছুইজাৰলেণ্ডৰ এজন ব্যক্তিয়ে। আনকি উক্ত লোকজনক বিচাৰি এতিয়া সমস্যাত পৰিছে ৰে’ল কৰ্তৃপক্ষ।

উল্লেখযোগ্য যে প্ৰায় ৮ মাহ পাৰ হৈ যোৱাৰ পিছতো আজি পৰ্যন্ত সোণখিনিৰ গৰাকীৰ কোনো শুংসূত্ৰ নাই।

প্ৰাপ্ত খবৰ মতে যোৱা বছৰৰ অক্টোবৰতে লোকজনে ছেইণ্ট গেলেন আৰু লুচেৰ্ৰনৰ মাজত চলা এখন ট্ৰেইনত ৩ কিলোতকৈ অধিক সোণ এৰি গৈছিল। সোণখিনিৰ মূল্য প্ৰায় £১৫২,০০০, ভাৰতীয় হিচাপত প্ৰায় ১.৪৫ কোটি টকা।

ইমান দিনে লোকজনক বিচাৰি নাপাই সংশ্লিষ্ট কৰ্তৃপক্ষই সোণখিনি উদ্ধাৰৰ কথা ৰাজহুৱা কৰিবলৈ বাধ্য হয়।

ইপিনে সোণৰ গৰাকীৰ ওচৰত সোণখিনি নিজৰ বুলি দাবী কৰিবলৈ ৫ বছৰ আছে, এখন বিভাগীয় প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ।