NORTHEAST NOW (Assamese)
অসম

পৰিবেশ্য কলা-কুশলী, শিল্পী সকলক আৰ্থিক সাহায্য প্ৰদানৰ দাবী ভাৰতীয় গণ নাট্য সংঘৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 15, 2020 5:53 pm

লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিবেশ্য কলা- কুশলী, শিল্পী সকলৰ আৰ্থিক সাহায্য আৰু সুস্থ সাংস্কৃতিক আঁচনি ৰূপায়ণৰ বাবে সামাজিক দূৰত্ব মানি আজি ভাৰতীয় গণ নাট্য সংঘই দীঘলী পুখুৰী পাৰত দাবী উত্থাপন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

ভাৰতীয় গণ নাট্য সংঘৰ অসম শাখাৰ প্ৰধান সম্পাদক বিপুল তালুকদাৰৰ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰত কয়, ‍‘ভাৰতীয় গণ নাট্য সংঘৰ অসম শাখা আৰু প্ৰগতিশীল শিল্পী সাহিত্যিক সংঘই সীমিত শক্তিৰে কিছু দুৰ্গত শিল্পী সাহিত্যিকক সহায়ৰ হাত আগবঢ়াই সকাহ দিবলৈ চেষ্টা কৰিছো  যদিও সেয়া নিমিত্ত মাথোন’৷

পৰিবেশ্য শিল্পী সকলে আমাৰ সাতাম পুৰুষীয়া ভাষা সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ অহৰহ চেষ্টা কৰি অসমৰ মান ৰক্ষা কৰি আহিছে। সেয়ে শিল্পী আৰু কলা কুশলী সকলৰ সাহায্যৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে সংঘটোৱে।

স্মাৰক পত্ৰত উল্লেখ থকা দাবী সমূহ হ’ল –

চৰকাৰে শিল্পী, কলা-কুশলী, বাদ্যযন্ত্ৰী, শব্দ সমযোজক সকলক অহা ৬ মাহৰ কাৰণে মাহিলী হিচাপত নগদ ধনৰ সহায় আগবঢ়াওক৷

ভ্ৰাম্যমান নাট্যদলৰ শিল্পী, কলা-কুশলী সকলৰ লগত জড়িত শ্ৰমিক সকলক উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰক।

বোলছবি আৰু ধাৰাবাহিকৰ লগত জড়িত অভিনেতা অভিনেত্ৰী, নেপথ্য শিল্পী আৰু অন্যান্য সকলো কাৰিকৰী সহযোগীক উপযুক্ত সাহায্য প্ৰদান কৰক।

চৰকাৰে শিল্পী, কলা-কুশলী বাদ্য যন্ত্ৰী শব্দ সংযোজক সকলৰ লগত জড়িত শ্ৰমিক সকলৰ স্বাস্থ্য বীমা নিশ্চিত কৰক।

চৰকাৰী ভাৱে সুস্থ সাংস্কৃতিক আঁচনি প্ৰনয়ন আৰু ৰূপায়নৰ যোগেদি শিল্পী, কলা-কুশলী, বাদ্য যন্ত্ৰী, শব্দ সংযোজক সকলৰ জীৱন-জীৱিকাৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।