NORTHEAST NOW (Assamese)
Popular Stories

অন্তঃসত্ত্বা চফুৰাক জামিন দিবলৈ ভাৰত চৰকাৰক আবেদন মাৰ্কিন আইনজীৱী সংগঠনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2020 6:02 pm
image.jpgলল

জামিয়া মিলিয়া ইছলামিয়াৰ গৱেষিকা ছাত্ৰী তথা কা বিৰোধী আন্দোলনৰ নেত্ৰী চফুৰা জাৰগাৰৰ জামিনৰ বাবে দেওবাৰে ভাৰত চৰকাৰক আহ্বান জনাইছে মাৰ্কিন আইনজীৱী সংগঠন দ্য আমেৰিকান বাৰ এচ’ছিয়েশ্যন চেন্টাৰ ফৰ হিউমেন ৰাইটছএ।

দেওবাৰে এক বিবৃতিৰ জৰিয়তে সংগঠনটোৱে অন্তঃসত্ত্বা চফুৰাক কাৰাবন্দী কৰি ৰখাটো আন্তৰ্জাতিক আইন বিৰোধী কাম বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, দিল্লীত কা বিৰোধী আন্দোলনৰ সময়ত সাম্প্ৰদায়িক সংঘৰ্ষৰ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত চফুৰাক গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।

বৰ্তমান অন্তঃসত্ত্বা চফুৰা তিহাৰ জেইলত কাৰাৰুদ্ধ হৈ আছে।

ইতিমধ্যে আদালতে চফুৰাৰ বিৰুদ্ধে উক্ত ষড়যন্ত্ৰত জড়িত থকাৰ প্ৰমাণ আছে বুলি কৈ জামিন আবেদন খাৰিজ কৰিছে।

ইয়াৰ পিছতে মাৰ্কিন আইনজীৱী সংগঠনটোৱে দাবী কৰিছে যে ভাৰতে বহু আন্তৰ্জাতিক আইনী চুক্তিত স্বাক্ষৰ কৰিছে। সেই চুক্তি অনুযায়ী খুব কম অভিযুক্তকহে বিচাৰৰ পূৰ্বে কাৰাবন্দী কৰা হয়।

আইনজীৱী সংগঠনটোৰ মতে চফুৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে এই চুক্তিসমূহ উংলঘা কৰিছে।

আনহাতে চফুৰা বৰ্তমান অন্তঃসত্ত্বা আৰু কাৰাগাৰৰ ভিতৰত তেওঁ ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হোৱাৰো আশংকা আছে।

ইফালে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে ক’ৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বহু বন্দীক পেৰেলত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে।

চফুৰাক জামিন প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাই মাৰ্কিন আইনজীৱী সংগঠনটোৱে কয়, ‘তেওঁৰ বিৰুদ্ধে প্ৰমাণৰো অভাৱ। সেয়ে এতিয়াই চফুৰাক জামিন প্ৰদান কৰা উচিত।’