NORTHEAST NOW (Assamese)
অসম

মাণিকপুৰৰ শামুকামাৰীত তৈল ভৰ্তি ট্ৰেংকাৰ দুৰ্ঘটনাগ্ৰস্ত

Posted by: ইয়াছিন আলী February 25, 2018 9:38 pm
Oil Tanker Accident

আজি বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত শামুকামাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তৈল ভৰ্তি ট্ৰেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।

প্ৰাপ্ত তথ্য মতে এ এছ ২৬ চি ২৯৯০ নম্বৰৰ ভাৰত পেট্ৰলিয়ামৰ ট্ৰেংকাৰখন বঙাইগাঁও অভিমুখে গৈ থকাৰ সময়ত দুৰ্ঘটনা গ্ৰস্ত হয়।

আনহাতে তৈল ভৰ্তি ট্ৰেংকাৰৰ দূৰ্ঘটনা হোৱাৰ খবৰ পায়ে তৎক্ষণাত ঘটনাস্থলীত হাতে হাতে বাচন বৰ্তন লৈ তেল নিবলৈ স্থানীয় ৰাইজে লানি নিছিগা ভিৰ কৰে।

অৱশ্যে ট্ৰেংকাৰখনত ন্যূনতম পৰিমানৰ হে তেল আছিল বুলি স্থানীয়ে লোকে উল্লেখ কৰে।

ট্ৰেংকাৰখনত ন্যূনতম পৰিমানৰ তেল থকাক লৈ চায় চালকজনে চোৰাং ভাৱে তেল বিক্ৰী কৰি ট্ৰেংকাৰখন ইচ্ছামতে দুৰ্ঘটনা সংঘটিত কৰাই বুলি স্থানীয় লোকে অভিযোগ কৰে।

দুৰ্ঘটনাত চালকজন গুৰুতৰভাবে আহত হোৱাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাস্থলীত মানিকপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।