NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত দোকান খোলাৰ নতুন সময়সীমা কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 17, 2020 5:46 pm
COVID19: 2772 persons discharged in Assam on Thursday

গুৱাহাটী মহানগৰীত ক’ৰনা ভাইৰাছৰ সামাজিক সংক্ৰমণৰ আশংকাত কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চে নতুন নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনা অনুসৰি পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ গুৱাহাটীত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ মুকলি ৰখাৰ আহ্বান জনাইছে চেম্বাৰছ অব কমাৰ্চে।

৩০ জুনলৈকে ব্যৱসায়ীসকল এই নিয়ম মানি চলিবলৈ আহ্বান জনাইছে চেম্বাৰ্চ অব কমাৰ্চে।

সপ্তাহৰ সোমবাৰ পৰা শনিবাৰলৈ দেওবাৰে দোকান বন্ধ ৰখাৰ বাবেও কোৱা হৈছে।

ইয়াৰোপৰি, দেওবাৰৰ দিনটোত সকলো ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰখাৰ নির্দেশনা কামৰূপ(ম) চেম্বাৰচ অব কমাৰ্চৰ।

কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি এম পি জৈনে এক বিজ্ঞপ্তিৰ জৰিয়তে এই আহ্বান জনাইছে।

তদুপৰি, প্ৰতিজন গ্ৰাহকে মাস্ক, চেনিটাইজ, সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক বুলি বিজ্ঞপ্তিত জৈনে উল্লেখ কৰে।

লগতে  ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে গ্ৰাহকসকল আহোঁতে থাৰমেল স্কেনিং, সামাজিক দূৰত্ব ৰক্ষা কৰাব লাগিব বুলিও নিৰ্দেশনা দিয়ে।

গণ সংক্ৰমণ যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাহিৰৰ পৰা অহা ড্ৰাইভাৰ, হেণ্ডিমেন আৰু শ্ৰমিকসকলৰ পৰা সামাজিক দূৰত্ব কঠোৰভাৱে মানি চলিব লাগিব বুলি বিজ্ঞপ্তিত উল্লেখ কৰে।

কিয়নো বহিৰাজ্য পৰা অহা ড্ৰাইভাৰ, হেন্দিমেনৰ পৰা ক’ৰনা সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট।