NORTHEAST NOW (Assamese)
Popular Stories

ছিকিমৰ নাকু-লা সীমান্তত চীনা সৈন্যৰ সঞ্চালন : সষ্টম ভাৰতীয় সৈন্যও

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 18, 2020 8:53 am
28a5742d8004a151b2044268a2caadb8fac3b2b13efe66be8eb9fc2aef425011

লাডাখত ভাৰত-চীন সীমান্তত দুই দেশৰ মাজত চৰম উত্তেজনাই বিৰাজ কৰাৰ সময়তে উত্তৰ ছিকিম সীমান্তত চীনা সৈন্যৰ সঞ্চালন প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে ভাৰতীয় সেনাই।

ভাৰতীয় সেনাৰ মতে যোৱা মঙলবাৰে সন্ধিয়া ৭ মান বজাত চীনৰ সেনাবাহিনীৰ প্ৰায় ২০০ জনীয়া এটা দলে নাকু-লা সীমান্ত এলেকাত তহল দিয়ে।

নাকু-লা সীমান্তলৈ অহা চীনা সৈন্যৰ দলটোৰ গতি বিধি লক্ষ্য কৰি ভাৰতীয় সেনাৰ জোৱানসকলে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছিল বুলি জনাইছে ভাৰীতয় সেনাৰ সূত্ৰই।

কিন্তু নিয়্ন্ত্ৰণ ৰেখা(এল অ’ চি) পোৱাৰ পাছতে চীনা সৈন্যৰ দলটোৱে ওপৰে ওপৰে তহল দি পুনৰ উভতি যোৱাৰ ফলত দুই পক্ষৰ মাজত কোনো উত্তেজনাৰ সৃষ্টি  নহ’ল বুলি প্ৰকাশ কৰিছে ভাৰতীয় সেনাই।

ইফালে বুধবাৰে কালিম্পঙৰ ২৭ নম্বৰ মাউন্ট স্ক্ৰাইকিং ডিভিজনৰ ছিনিয়ৰ কামাণ্ডাৰ কপ্টাৰে উত্তৰ আৰু দক্ষিণ ছিকিমৰ সীমান্ত অঞ্চলত পৰিভ্ৰমণ কৰে।

সেনাবাহিনীৰ সুকনাৰ ৩৩ নং ক’ৰ কামাণ্ডাৰ এলেকাৰ কেবেটাও কোম্পানী উত্তৰ ছিকিমৈল প্ৰেৰণ কৰা হৈছে। দক্ষিণ ছিমিকতো সেনাৰ সমাৱেশ বঢ়োৱা হৈছে বুলি জনাইছে ভাৰতীয় সেনাৰ সূত্ৰই।

উত্তৰ ছিকিমৰ থাঙ্গু উপত্যকাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বৰ মুগুথান। এই মুগুথানৰ পৰা আৰু ১০ কিলোমিটাৰ দূৰত্বৰ নাকুত ভাৰতীয় সেনাৰ এটা ঘাটি আছে।

এই নাকু জনপথৰ পৰা ৫ কিলোমিটাৰ ভাৰত-চীন সীমান্ততে আছে নাকু-লা। এই দুৰ্গম অঞ্চলটোত ভাৰত আৰু চীনা সৈন্যই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে লংৰুট পেট্ৰ’লিং(এলআৰপি) দিয়ে।

কিন্তু মঙলবাৰে সন্ধিয়া হঠাতে চীনা সৈন্যই এই এলআৰপি ভংগ কৰি নাকু-লাত সঞ্চালন কৰাত ভাৰতীয় সৈন্যও সষ্টম হৈ উঠে।

অৱেশ্যে চীনা সৈন্যৰ দলটোৱে সীমান্তৰ পৰা উভতি যোৱাত সিমানতে উশপম ঘটে উত্তেজনাৰ।