NORTHEAST NOW (Assamese)
অসম

‘প্ৰধানমন্ত্ৰী মোদীয়ে ডিঙিত গামোচা পিন্ধিলেই অসমক ভালপোৱা নুবুজায়’ : ৰিপুন বৰা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 22, 2020 5:34 pm
WhatsApp Image 2020-06-22 at 4.40.05 PM

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল গামোচাখন ডিঙিত লৈ অসমক ভালপোৱা দেখুৱালেই নহ’ব। অসমক অষ্টলক্ষ্মীৰ দেশবুলি ভাষণত ক’লেই নহ’ব। কামেৰে কৰি দেখুৱাব লাগিব।” ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেল যোগে এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

সংবাদমেলত বৰাই লগতে কয়, “কেন্দ্ৰৰ বিজেপি চৰকাৰে সদায় অসমক মাহী আইৰ দৃষ্টিৰে চাই আহিছে। প্ৰধানমন্ত্ৰী মোডীয়ে ডিঙিত গামোচা ল’লেই অসমক ভালপোৱা হ’ব নোৱাৰে। অসমতকৈ উন্নত দেশৰ ৬খন ৰাজ্যৰ বাবে ৫০ হাজাৰ কোটি টকা গৰীব কল্যাণ আঁচনি হিচাপে ঘোষণা কৰিলে। কিন্তু অসমৰ নাম সেই আঁচনিত অন্তৰ্ভুক্ত নহ’ল।”

গৰীৱ কল্যাণ আঁচনিত ৰাজ্য নাম অন্তৰ্ভুক্ত নোহোৱা পিছত কি কাৰণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰিলে বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই।

“সোণোৱালৰ দায়িত্ব নাছিল নেকি অসমৰ নাম অন্তৰ্ভুক্ত কৰাত।কংগ্ৰেছৰ দাবী অসমৰ নাম আঁচনিত অন্তৰ্ভুক্ত কৰিব লাগে।” বৰাই কয়।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বৰাই কয়, “ৰাহুল গান্ধীক ফ্ৰাষ্টট্ৰেড বুলি কোৱা হিমন্তক সুধিব খুজিছো তোমালোক কিমান ফ্ৰাষ্টট্ৰেড? কোৱাৰেন্টাইনক বিজেপিয়ে ৰাজনৈতিক হাথিয়াৰ কৰি লৈছে।”

মিৰ্জাত ১৩জন ল’ৰাই আন্দোলন কৰিলে জবৰদস্তি কোৱাৰেণ্টাইন কৰা হ’ল। কোৱাৰেণ্টাইনক ৰাজনৈতিক প্ৰতিশোধ ল’বলৈ কৰা ব্যৱহাৰ ২১ত ৰাইজে প্ৰত্যুত্তৰ দিব। বৰাৰ  মন্তব্য।

ইফালে মণিপুৰলৈ যোৱা কংগ্ৰেছ দুই  নেতা আজয় মাকণ্ড আৰু গৌৰৱ গগৈক কোৱাৰেণ্টাইন কৰা কাৰ্যক গৰিহণা প্ৰদান কৰি সভাপতি বৰাই কয় -দিল্লী পৰা ধৰ্মেন্দ্ৰ প্ৰধান গুৱাহাটী-তিনিচুকীয়ালৈ আহোঁতে কিয় কোৱাৰেণ্টাইন কৰা নহ’ল।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি তিনিমাহ দিল্লীত থাকি অসমলৈ অহা পিছত কোৱাৰেণ্টাইন কিয় কৰা হোৱা নাছিল? কেন্দ্ৰীয় মন্ত্ৰীলৈ ক’ৰনাই ভয় কৰে নেকি? বৰাৰ প্ৰশ্ন।

ইপিনে মণিপুৰলৈ যোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাকো কোৱাৰেণ্টাইন কৰিব লাগে বুলি দাবী কৰে অসম প্ৰদেশ কংগ্ৰেছে।

অসমৰ বিত্ত অৱস্থাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনাইছে কংগ্ৰেছে। কেন্দ্ৰৰ পৰা কিমান টকা পাবলৈ আছে তাৰো হিচাপ ৰাইজক দিব লাগে বুলি দাবী বৰাৰ। লগতে তেওঁ কয় ‘কৃষক নেতা অখিল গগৈক জেলত ভৰাই টোলগেট মুকলি কৰিছে। আগষ্টলৈকে কোনো বিভাগক বিত্ত বিভাগে টকা দিব নোৱাৰে বুলি জাননী জাৰি কৰিছে।’

ভাৰতৰ এক বৃহৎ ভূ-খণ্ড নেপালৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা পিছতো কেন্দ্ৰ চৰকাৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ নকৰাটো দুৰ্ভাগ্যজনক বুলি কয় বৰাই।