NORTHEAST NOW (Assamese)
অসম

গেৰান্টি অবিহনে আগবঢ়াব লক্ষাধিক টকাৰ ঋণ; চৰকাৰে লৈছে প্ৰস্তুতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 10:06 am
581304-salary.gif

কোনো ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণৰ প্ৰয়োজন অত্যন্ত জৰুৰী। কিন্তু বেংকসমূহৰ পৰা গেৰান্টি অবিহনে ঋণ পোৱাটো এক বৃহৎ প্ৰত্যাহ্বান।

এইবাৰ চৰকাৰে এখন চাবৰ্ডিনেট ঋণ আঁচনি প্ৰস্তুত কৰি আছে য’ত ঋণৰ বাবে গেৰান্টি দিয়াৰ কোনো প্ৰয়োজন নহ’ব।

এই আঁচনিৰ জৰিয়তে লক্ষাধিক টকাৰ ঋণ অনায়াসে লাভ কৰাৰ সুবিধা থাকিব।

চৰকাৰৰ এই চাবৰ্ডিনেট ঋণক অসুৰক্ষিত বা গেৰান্টিবিহীন ঋণ বুলি কোৱা হয়।

চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME)সমূহক চাবৰ্ডিনেট ঋণ প্ৰদান কৰাৰ বাবে ২০হাজাৰ কোটি টকাৰ আঁচনিখন সম্পূৰ্ণ কৰি তোলাৰ বাবে অন্তিম পৰ্যায়ত উপনীত হৈছে।

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব তথা উন্নয়ন আয়ুক্ত দেবেন্দ্ৰ কুমাৰ সিঙে এই কথা সদৰী কৰিছে।

আনহাতে, পূৰ্বে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে যোৱা ১ জুনত মন্ত্ৰীগোটৰ দ্বাৰা অনুমোদন দিয়া ২০হাজাৰ কোটি টকীয়া আঁচনিখনেৰে দুই লাখ MSMEৰ সৈতে জড়িত উদ্যোগী উপকৃত হ’ব।

ইপিনে, সোমবাৰে বিত্ত মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে যে এতিয়ালৈকে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে ৩লাখ কোটি টকীয়া জৰুৰীকালীন ঋণ সুবিধা গেৰান্টি আঁচনিৰ অধীনত ৭৫,০০০কোটি টকাৰ অনুমোদন দিয়া হৈছে।