NORTHEAST NOW (Assamese)
অসম

বাঘবৰ সমষ্টিত শ্বেৰমান আলীক বিধানসভাৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰতিবাদ অব্যাহত আছে

Posted by: ইয়াছিন আলী February 26, 2018 2:44 pm
Sherman

বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক বিধান সভাৰ পৰা বহিষ্কাৰ কৰাৰ পিছত সমষ্টিটোত অব্যাহত আছে প্ৰতিবাদ।

দেওবাৰে বিয়লি প্ৰায় ৪-৩০ বজাৰ জয়পুৰ বজাৰত সমদল কৰি বিভিন্ন শ্ল’গানেৰে গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হয়।

প্ৰতিবাদকাৰী সকলে ‘বিজেপি চৰকাৰ মুৰ্দাবাদ, হায় হায়, গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ, গড়কাপ্তানি মন্ত্ৰী হায় হায়, গড়কাপ্তানি মন্ত্ৰীয়ে পদত্যাগ কৰক, অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী হায় হায়, হিতেন্দ্ৰ নাথ গোস্বামীক বিধান সভাৰ পৰা বহিষ্কাৰ কৰক, পদত্যাগ কৰক’ আদি শ্ল’গানেৰে উত্তাল কৰি অধ্যক্ষৰ পুত্তলিকা দাহ কৰে।

আনহাতে প্ৰতিবাদকাৰী সকলে সমষ্টিটোৰ কেইবাঠাইতো শ্বেৰমান আলীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বুলি জনা গৈছে।