NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯: গুৱাহাটী প্ৰেছ ক্লাবৰ সভাকক্ষ বন্ধ ঘোষণা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 23, 2020 9:48 pm
COVID-19: Guwahati Press Club to remain closed until further notice

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী প্রেছ ক্লাবে বুধবাৰৰ পৰা অহা ৭ দিনলৈ সকলো কাৰ্যসূচী বাতিল কৰিছে।

প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰিছে।

“অহা সপ্তাহত বিভিন্ন কাৰ্যসূচীৰ বাবে প্ৰেছ ক্লাবৰ সভাকক্ষ বুকিং কৰা দল-সংগঠন তথা ব্যক্তিসকলক বিকল্প ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷ প্ৰেছ ক্লাবৰ সকলো কাৰ্যসূচী বাতিল কৰিবলগীয়া হোৱা বাবে আমি সংশ্লিষ্ট সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী,” বিবৃতিত প্ৰকাশ৷

প্রেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ ক্ৰীড়া সম্পাদক ধীৰাজ হাজৰিকাৰ পত্নীৰ শৰীৰত দুৰ্ভাগ্যজনকভাৱে ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত সকলো বিষয় পৰ্যালোচনা কৰি আৰু জিলা প্ৰশাসনৰ সৈতে কৰা আলোচনা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

ধীৰাজ হাজৰিকা প্রেছ ক্লাবলৈ অহা-যোৱা কৰাৰ লগতে অন্যান্যসকলৰ সংস্পৰ্শলৈ অহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ‘চেল্ফ কোৱাৰেন্টিন’ত থাকিবলৈ প্ৰেছ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে৷

ইতিমধ্যে ধীৰাজ হাজৰিকাৰ লগতে পৰিয়ালৰ সদস্যৰ স্বাব পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷

তেওঁৰ পৰীক্ষাৰ ৰিৰ্প’ট নহাপৰ্যন্ত প্ৰেছ ক্লাবলৈ সঘন আহ-যাহ কৰা সকলোকে সাৱধানে থাকিবলৈ অনুৰোধ জনোৱা  হৈছে৷