NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত আক্ৰান্ত হৈ তৃণমূল কংগ্ৰেছৰ তিনিবাৰৰ বিধায়কৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 12:43 pm

ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক তামোনাছ ঘোষৰ আজি মৃত্যু হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, বিধায়ক গৰাকী মে’ মাহতে ক’ৰ’নাত আক্ৰান্ত হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ।

বিধায়ক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে। মুখ্য মন্ত্ৰীয়ে এটা টুইটৰ জৰিয়তে কয়, ‍‘বহুত দুখ লগা। ফাল্টা সমষ্টিক তিনিবাৰৰ বিধায়ক তথা আমাৰ দলৰ কোষাধ্যক্ষ তামোনাছ ঘোষে আজি আমাক এৰি থৈ যায়’।

সুদীৰ্ঘ ৩৫ বছৰ কাল ধৰি তেওঁ তৃণমূল কংগ্ৰেছ আৰু সাধাৰণ জনতাৰ বাবে নিষ্ঠা সহকাৰে কাম কৰিছিল আৰু তেওঁ খালী হোৱা স্থান পূৰণ কৰা কঠিন হ’ব বুলিও মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে আন এটা টুইট কৰি প্ৰয়াত বিধায়ক গৰাকীৰ পত্নী, দুগৰাকী কন্যা, বন্ধু তথা শুভাকাংক্ষী সকলক দলৰ হৈ সমবেদনা জ্ঞাপন কৰে।